• চন্দ্ৰযান-৩ অভিযানৰ মূল কাণ্ডাৰী এছ সোমনাথ; ইতিহাসত নিজৰ নাম লিখিলে সোণালী আখৰেৰে

    বিজ্ঞান আৰু প্ৰযুক্তি
    চন্দ্ৰযান-৩ অভিযানৰ মূল কাণ্ডাৰী এছ সোমনাথ; ইতিহাসত নিজৰ নাম লিখিলে সোণালী আখৰেৰে
    ডিজিটেল ডেস্ক: ISROৰ চন্দ্ৰযান-৩ অভিযানৰ মূল কাণ্ডাৰী মহাকাশ সংস্থাটোৰ মুৰব্বী আছিল এছ সোমনাথ। ১৯৮৫ চনৰ পৰাই মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত জড়িত সোমনাথ। 

    ১৯৮৫ চনত বিক্ৰম ছাৰাভাই মহাকাশ কেন্দ্ৰত যোগদান কৰিছিল সোমনাথে। ২০১০ চনত তেওঁ এই মহাকাশ কেন্দ্ৰৰ সহযোগী সঞ্চালক হিচাপে নিযুক্তি লাভ কৰিছিল। ২০১৫ চনত তেওঁ লিকুইড প্ৰ’পালছন ছিষ্টেম চেণ্টাৰৰ সঞ্চালকৰ দায়িত্ব লাভ কৰিছিল। ২০১৮ চনলৈকে তেওঁ এই দায়িত্বত আছিল।

    ২০২২ চনৰ জানুৱাৰী মাহত এছ সোমনাথে ইছৰ’ৰ মুৰব্বীৰ দায়িত্ব গ্ৰহণ কৰে। প্ৰসিদ্ধ বিজ্ঞানী কে শিৱানৰ স্থানত ইছৰ’ৰ মুৰব্বী পদত অধিষ্ঠিত হয় এছ সোমনাথ। আৰু আজি সফল চন্দ্ৰযান অভিযানৰ নেতৃত্ব লৈ ইতিহাস গঢ়িলে সোমনাথে। আধুনিক ভাৰতৰ ইতিহাসত এগৰাকী সফল বিজ্ঞানী হিচাপে সোণালী আখৰেৰে লিখা হ’ল এছ সোমনাথৰ নাম। ব্যক্তিগত দক্ষতা আৰু অতুলনীয় টীমৱৰ্কৰে সোমনাথে সফল কৰি তুলিলে চন্দ্ৰযান-৩ অভিযান।