ডিজিটেল ডেস্কঃ মহাকাশ গৱেষণাৰ দিশৰ পৰা বিশ্বৰ ভিতৰতে এটা অগ্ৰণী প্ৰতিষ্ঠানত পৰিণত হোৱা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই শেহতীয়াকৈ ভাৰতৰ পিএছএলভি (পোলাৰ চেটেলাইট লঞ্চ ভেহিকেল)ৰ জড়িয়তে মহাকাশলৈ আন এটা থলুৱাভাবে নিৰ্মাণ কৰা উপগ্ৰহ উৎক্ষেপণ কৰিছে। ৰকেটখনে ভাৰতৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা ছিংগাপুৰৰ দুটা উপগ্ৰহ (টেলিঅ'ছ-২ আৰু লুমেলাইট-৪) লৈও মহাকাশলৈ উৰা মাৰে৷
ইতিমধ্যে কৃত্ৰিম উপগ্ৰহ দুটা নিৰ্ধাৰিত কক্ষপথত স্থাপন কৰাটো সম্ভ হৈছে বুলি জানিব পৰা গৈছে৷ সাধাৰণতে উপগ্ৰহ প্ৰেৰণৰ পিছত ৰকেটৰ কিছু অংশ বায়ুমণ্ডললৈ উভতি আহে আৰু মহাকাশত জ্বলি উঠে৷ কিন্তু এইবাৰ পিএছএলভি অৰ্বিটাল এক্সপেৰিমেণ্টেল মডিউল-২ বা 'পোয়েম-২ ')এ তেনে ঘটিবলৈ দিয়া নাই৷ 'পোয়েম-২ ' (যাক বহুতে কবিতা বুলি অভিহিত কৰিছে)এ ইছৰোৰ লগতে ইণ্ডিয়ান ইনষ্টিটিউট অফ এষ্ট্ৰোফিজিক্স আৰু দুটা ব্যক্তিগত কোম্পানীৰ সৈতে মহাকাশ গৱেষণাৰ ক্ষেত্ৰ খনত কাম কৰি আছে।
ইছৰোৰ অধ্যক্ষ এছ সোমনাথে কয় যে পোয়েম-২য়ে ইয়াৰ নিজা সৌৰ পেনেলৰ জড়িয়তে শক্তি আহৰণ কৰিব পাৰে। তেওঁ আক্ষৰিক অৰ্থত কয় যে মহাকাশত "পয়েমে অধিক কবিতা লিখিব"৷ তেওঁ ইংৰাজীৰ "পোয়েম" শব্দটোৰ ভাঙনি কৰি তাক 'কবিতা' বুলি উল্লেখ কৰে। ছিংগাপুৰ চৰকাৰে ইছৰোৰ বাণিজ্যিক শাখা নিউস্পেছ ইণ্ডিয়া লিমিটেডক দুটা উপগ্ৰহ উৎক্ষেপণ কৰিবলৈ দায়িত্ব দিছিল। ইছৰোৰ মতে, টেলিঅ'ছ-২-য়ে ছিংগাপুৰৰ বিভিন্ন সংস্থাৰ বাবে উপগ্ৰহ ছবিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব। আৰু লুমেলাইট-৪ এ ছিংগাপুৰ আৰু অন্যান্য দেশৰ বাবে জাহাজ পৰিবহনৰ ক্ষেত্ৰতো তথ্যৰ যোগান ধৰিব৷
Leave A Comment