ডিজিটেল ডেস্কঃ এটা বিশাল আকৃতিৰ গ্ৰহাণুৱে দুৰন্ত গতিৰে পৃথিৱীৰ ফালে আহি আছে। মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই প্ৰকাশ কৰা মতে গ্ৰহাণুটোৱে বৃহস্পতিবাৰে (কাইলৈ) পৃথিৱীৰ নিচেই কাষেৰে পাৰ হৈ যাব বুলি আশা কৰা হৈছে। গহাণুটোৰ নাম হৈছে ২০২৩ এফজেড৩। ই দীঘলে প্ৰায় ১৫০ ফুট। নাছাৰ মতে গ্ৰহণুটোৱে প্ৰতি ঘণ্টাত ৬৭,৬৫৬ কিলোমিটাৰ বেগত গতি কৰি আছে।
নাছাই পূৰ্বেই কৈছিল যে এটা নহয়, পাঁচটা গ্ৰহাণুৱে পৃথিৱীৰ ফালে অতি দ্ৰুত গতিত আহি আছে। যাৰ ভিতৰত আটাইতকৈ ডাঙৰ গ্ৰহাণুটোৰ দৈৰ্ঘ্য হৈছে হৈছে । এফডেজ৩ৰ উপৰি সোমবাৰে ৪৫ আৰু ৮২ ফুট দৈৰ্ঘৰ দুটা গ্ৰহাণুৱে পৃথিৱীৰ চাৰিওফালে ঘূৰিছিল। মঙলবাৰে, তৃতীয় গ্ৰহাণুটোৱে পৃথিৱীৰ কাষ চাপিছিল।
ইয়াৰ পিছতে বৃহস্পতিবাৰে এফজেড৩ গ্ৰহাণুটো বিশ্বৰ আটাইতকৈ ওচৰলৈ আহিব। গ্ৰহাণুটো আৰু পৃথিৱীৰ মাজৰ দূৰত্ব ৪১ লাখ ৯০ হাজাৰ কিলোমিটাৰ আটাইতকৈ কম হ’ব বুলি নাছাৰ সূত্ৰই প্ৰকাশ কৰিছে।সাধাৰণ দৃষ্টিত এই দূৰত্বটো বহু বেছি যেন লাগিছে যদিও মহাজাগতিক দিশৰ পৰা এয়া যথেষ্ট কম দূৰত্ব।
অৱশ্যে নাছাই কৈছে যে গ্ৰহাণুটোৰ সৈতে পৃথিৱীৰ সংঘৰ্ষ হোৱাৰ কোনো সম্ভাৱনা নাই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানীসকলে গ্ৰহাণুটো নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে।
Leave A Comment