ডিজিটেল ডেস্কঃ পৃথিৱীৰ বাবে আহিছে মহা বিপদ! এইবাৰ বিশ্বব্রহ্মাণ্ডৰ প্ৰাণশক্তিৰ কেন্দ্ৰ সূৰ্যত ধৰা পৰিছে এক বিশাল গহ্বৰ৷ সূৰ্যৰ মাজত সৃষ্টি হোৱা এই বিশাল গাঁতে এতিয়া চিন্তিত কৰি তুলি বিশ্বৰ বিজ্ঞানীমহলক৷ হাইড্ৰ’জেন গেছৰ ভাণ্ডাৰ সূৰ্যত কিয় এনে গাঁতৰ সৃষ্টি হৈছে তাকেলৈ বিজ্ঞানীসকলে আৰম্ভ কৰি দিছে গৱেষণা৷ শেহতীয়াকৈ মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ বিজ্ঞানীসকলে সূৰ্যৰ মাজত অংশত এটা বিশাল ক'লা অঞ্চল দেখিছে৷
বিজ্ঞানীসকলৰ মতে গাঁত সদৃশ অঞ্চলটো আমাৰ পৃথিৱীতকৈ ২০ গুণ বেছি ডাঙৰ৷ নাছাৰ বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে সূৰ্যত ধৰা পৰা এনে বিশাল গাঁতক "কৰোনেল ছিদ্ৰ" বুলি কোৱা হয়৷।সূৰ্যত এনে ছিদ্ৰৰ উপস্থিতি ধৰা পৰাৰ পিছতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল এজেঞ্চী এন.ও.এ.এ.-এ ভূ-চুম্বকীয় ধুমুহাৰ সতৰ্কবাণী জাৰি কৰিছে। নাছাৰ বিজ্ঞানীসকলৰ মতে সূৰ্যৰ সেই বিশাল ছিদ্ৰটোৱে পৃথিৱীৰ ফালে ২.৯ নিযুত কিলোমিটাৰ প্ৰতি ঘণ্টাৰ বেগত সৌৰ ধুমুহা পৃথিৱীৰ ফালে ঠেলি দিছে৷
সেই ধুমুহাই আমাৰ গ্ৰহটোত আঘাত কৰিব বুলি বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে। এই সৌৰ ধুমুহাই আমাৰ গ্ৰহটোত কি প্ৰভাৱ পেলাব তাৰ মূল্যাঙ্কন কৰিবলৈ বিভিন্ন পৰিস্থিতি নিৰীক্ষণ কৰি থকা হৈছে৷ সূৰ্যৰ পৰা সৃষ্টি হোৱা এনে সৌৰ ধুমুহাই আমাৰ পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰখনত প্ৰভাৱ পেলাব৷ ফলত কৃত্ৰিম উপগ্ৰহ, মোবাইল ফোন আৰু জিপিএছ ব্যৱস্থা প্ৰভাৱান্বিত হ’ব বুলি বিজ্ঞানীসকলে কৈছে৷ ২৩ মাৰ্চত নাছাৰ সৌৰ গতিবিজ্ঞান পৰ্যৱেক্ষণালয়ে (এছডিঅ') সূৰ্যৰ দক্ষিণ মেৰুৰ ওচৰত কৰোনেল ছিদ্ৰটো আৱিষ্কাৰ কৰিছিল। এই ছিদ্ৰবোৰে সৌৰ ধুমুহা (বা ভূ-চুম্বকীয় ধুমুহা) মহাকাশলৈ অধিক সহজে বিয়পাই দিয়ে৷
নাছা গডৰ্ডৰ হেলিঅফিজিক্স চায়েন্স ডিভিজনৰ বিজ্ঞানী এলেক্স ইয়ঙে কয়" বৰ্তমানৰ কৰোনেল ছিদ্ৰটো প্ৰায় ৩০০,০০০ ৰ পৰা ৪০০,০০০ কিলোমিটাৰ আকাৰৰ। সেয়া ২০-৩০ খন পৃথিৱীৰ সমান৷" । নাছাৰ মতে, কৰোনেল ছিদ্ৰ অত্যাধিক অতিবেঙুনীয়া (ই.ইউ.ভি.) আৰু এক্স-ৰেই পৃথিৱীক নানান ধৰণে ক্ষতি কৰিব পাৰে৷ এনে সৌৰ ধুমুহাই পৃথিৱীত বাস কৰা লোকসকলৰ ছালৰ ৰোগ সৃষ্টি কৰাৰো আশংকা কৰা হৈছে৷ একেদৰে সাময়িকভাবে বিঘ্নিত হ’ব পাৰে মোবাইল ফোনৰো পৰিসেৱা৷
Leave A Comment