• কণ্ডমৰ ব্যৱহাৰ কমিছে পুৰুষৰ মাজত! ফলস্বৰূপে বাঢ়িছে গন’ৰিয়া, চিফিলিছৰ দৰে ব্যাধিঃ দাবী কৰিলে গৱেষকসকলে

    বিজ্ঞান আৰু প্ৰযুক্তি
    কণ্ডমৰ ব্যৱহাৰ কমিছে পুৰুষৰ মাজত! ফলস্বৰূপে বাঢ়িছে গন’ৰিয়া, চিফিলিছৰ দৰে ব্যাধিঃ দাবী কৰিলে গৱেষকসকলে
    ডিজিটেল ডেস্কঃ কণ্ডমৰ ব্যৱহাৰ কমিছে পুৰুষৰ মাজত। ফলস্বৰূপে বাঢ়িছে গন’ৰিয়া আৰু চিফিলিছৰ দৰে ব্যাধিৰ। বিনা কণ্ডমেৰে যৌনসম্ভোগত লিপ্ত হোৱাৰ ফলতে এই ব্যাধি বৃদ্ধি পাইছে বুলি গৱেষকসকলে মত প্ৰকাশ কৰিছে।

    আমেৰিকা যুক্তৰাষ্ট্ৰৰ শীৰ্ষস্থানীয় সংবাদ পত্ৰ ৱাশ্চিংটন প’ষ্টৰ এখন প্ৰতিবেদনত এই কথা কোৱা হৈছে। প্ৰতিবেদনখনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাস্থ্য আৰু মানৱ পৰিসেৱা দপ্তৰৰ এটা সমীক্ষা উল্লেখ কৰা হৈছে।

    সমীক্ষাটোত কোৱা হৈছে যে ২০১১ চনৰ পৰা ২০২১ চনলৈকে পুৰুষৰ মাজত কণ্ডমৰ ব্যৱহাৰৰ হাৰ ৩৩ শতাংশ কমিছে। ২০১১ চনত ৭৫ শতাংশ পুৰুষে কণ্ডম ব্যৱহাৰ কৰিছিল। সমীক্ষা অনুযায়ী, ২০২১ চনত মাত্ৰ ৪২ শতাংশ পুৰুষেহে কণ্ডম ব্যৱহাৰ কৰিছিল।

    চিকিৎসকসকলৰ মতে, বিনা কণ্ডমেৰে যৌনসম্ভোগ কৰাৰ ফলত চিফিলিছ, গন’ৰিয়া, বন্ধ্যাত্ব, অংগক্ষতি আনকি মৃত্যু পৰ্যান্ত হ’ব পাৰে। ২০২১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত এইসমূহ ৰোগত নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যা আছিল ২৫ লাখ। আনকি ২০২১ চনত ২,৬১১ টি শিশুৱে মাতৃগৰ্ভতে চিফিলিছ ৰোগত আক্ৰান্ত হৈছে। ২০২০ চনত প্ৰায় ১৩৯টি শিশুৰ মৃত্যুও হৈছে।