ডিজিটেল ডেস্কঃ আজি বিশ্ব পৰিবেশ দিৱস। আজিৰ দিনটোতে বহুতে কালান্তক প্ৰদূষণৰ কথা আলোচনা কৰিছে। প্ৰদূষণ এতিয়া সমগ্ৰ বিশ্বতে এক সমস্যাৰূপে থিয় দিছে। । প্ৰদূষণৰ ফলত বিশ্বত কোটি কোটি লোকে অকালতে মৃত্যুক সাৱটিবলগীয়া হৈছে। দুৰ্ঘটনা অথবা আন বহু প্ৰাকৃতিক দুৰ্যোগতকৈও ভয়াৱহ হৈ উঠিছে বায়ু প্ৰদূষণ ৷ বায়ু প্ৰদূষণৰ ফলতে এতিয়া বিশ্বৰ প্ৰায় সকলো দেশতে মানুহৰ আয়ূস বহু খিনি কমি গৈছে৷ শেহতীয়া গৱেষণা তথা সমীক্ষাই সেই কথাই প্ৰকাশ কৰিছে৷
প্ৰদূষণ মানৱ স্বাস্থ্যৰ বাবে বিশ্বৰ আটাইতকৈ ডাঙৰ বিপদাশংকা হিচাবে থিয় দিছে। পৰিসংখ্যাত প্ৰকাশ পোৱা তথ্য অনুসৰি বিশ্বব্যাপী বায়ু প্ৰদূষণে মানুহৰ ২.২ বছৰকৈ আয়ুস হ্ৰাস কৰিছে।এইচ.আই.ভি./এইডছতকৈ ছয় গুণ আৰু সন্ত্ৰাসবাদতকৈ ৮৯ গুণে বেছি এই প্ৰদূষণৰ মাৰক ক্ষমতা।বিশ্বৰ সকলো দেশৰ ভিতৰত ভাৰতত প্ৰদূষণে ভাৰতীয় লোকৰ স্বাস্থ্যৰ প্ৰতি সৰ্বাধিক বিপদ নমাই আনিছে। ২০১৩ চনৰ পৰা বিশ্বৰ মুঠ প্ৰদূষণৰ ৪৪ শতাংশ কেৱল ভাৰতৰ পৰাই হৈছে বুলি বিভিন্ন প্ৰতিবেদন প্ৰকাশ পাইছে৷
যদি প্ৰদূষণৰ এনে স্তৰ অব্যাহত থাকে তেন্তে ভাৰতীয় লোকে কমেও পাঁচ বছৰৰ আয়ুস হেৰুৱাব লাগিব বুলি আশংকা ব্যক্ত কৰা হৈছে।
১৯৯৮ চনৰ পৰা ভাৰতৰ বতাহত গড় বাৰ্ষিক প্ৰদূষণ সৃষ্টিকাৰী কণিকা ৬১.৪ শতাংশ বৃদ্ধি হৈছে। অধ্যয়নটোৱে ভাৰতত বায়ু প্ৰদূষণ বৃদ্ধিৰ বাবে যোৱা দুটা দশকত ঔদ্যোগিকৰণ, অৰ্থনৈতিক বিকাশ আৰু জনসংখ্যা বৃদ্ধিকে দায়ী কৰিছে। অধ্যয়নটোত কোৱা হৈছে যে বৰ্তমানৰ প্ৰদূষণৰ স্তৰ অব্যাহত থাকিলে ভাৰত-গাঙ্গেয় সমভূমিৰ ৫১০ নিযুত বাসিন্দাই গড়ে ৭.৬ বছৰৰ আয়ুস হেৰুৱাব পাৰে।
লক্ষ্ণৌৰ বাসিন্দাসকলে ৯.৫ বছৰৰ আয়ুস হেৰুৱাবলগীয়া হ’ব পাৰে। একেদৰে উত্তৰ প্ৰদেশত ৮.২ বছৰ, বিহাৰত ৭.৯ বছৰ, পশ্চিম বংগত ৫.৯ বছৰ আৰু ৰাজস্থানত ৪.৮ বছৰ সেই ৰাজ্যসমূহৰ মানুহে হেৰুৱাব লাগিব বুলি আশংকা ব্যক্ত কৰিছে সমীক্ষকসকলে। প্ৰদূষণ ৰোধ কৰাৰ বাবে সচেতন হ’ব লাগিব চৰকাৰ আৰু দেশৰ জনতা৷ অধিক হাৰত গছ ৰোপনে প্ৰদূষণ ভালে খিনি কমাই ৰাখিব পাৰে৷ বাৰিষা কালটো বৃক্ষৰোপনৰ বাবে উপযুক্ত সময়৷ বৃক্ষৰোপন কৰিলে ভৱিষ্যতৰ বাবে সম্পদ সৃষ্টি হোৱাৰ লগতে প্ৰদূষণ হ্ৰাস কৰিব পৰা যাব৷
Leave A Comment