• কাৰোৱাৰ মূৰতে খুন্দা মাৰিব নেকি মহাকাশৰ পৰা খহি পৰা উপগ্ৰহই! সম্ভাৱনাৰ কথা নুই নকৰাকৈ কি ক’লে নাছাই?

    বিজ্ঞান আৰু প্ৰযুক্তি
    কাৰোৱাৰ মূৰতে খুন্দা মাৰিব নেকি মহাকাশৰ পৰা খহি পৰা উপগ্ৰহই! সম্ভাৱনাৰ কথা নুই নকৰাকৈ কি ক’লে নাছাই?
    ডিজিটেল ডেস্কঃমহাকাশলৈ ৩৮ বছৰ পূৰ্বে নাছাই প্ৰেৰণ কৰা এটা কৃত্ৰিম উপগ্ৰহ ধ্বংস হৈছে।কৃত্ৰিম উপগ্ৰহটোৱে দূৰত্ব গতিতত পৃথিৱীৰ দিশে আহি আছে৷ ইয়াকেলৈ বহুতৰে মাজত বিয়পি পৰিছে আতংক৷  আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা  সংস্থাটোৰ মতে উপগ্ৰহটোৰ ধ্বংসাৱশেষ দেওবাৰে নিশাৰ পৰা আৰম্ভ কৰি সৰ্বাধিক ১৭ ঘণ্টাৰ ভিতৰত পৃথিৱীত আহি পৰিব৷

    কিন্তু সতৰ্ক হ’বলগীয়া কিবা কথা আছে  নেকি? নাছাই ইয়াৰ উত্তৰ কৈছে-ভয় খাবলগীয়া একো নাই৷   নাছাৰ মতে উপগ্ৰহটোৰ ধ্বংসাৱশেষ কাৰোবাৰ মূৰত ভাঙি পৰাৰ সম্ভাৱনা ৯,৪০০ ৰ ভিতৰত ১ হে! গতিকে এ দুৰ্ঘটনাৰ সম্ভাৱনা তেনেই ক্ষীণ। তদুপৰি ৫,৪০০ পাউণ্ড বা ২,৪৫০ কিলোগ্ৰাম উপগ্ৰহৰ বেছিভাগ মাটিত পৰাৰ আগতে জ্বলি  ছাই হৈ যোৱাৰ সম্ভাৱনাই বেছি বুলিও নাছাই কৈছে৷সেয়ে নাছাৰ কৃত্ৰিম উপগ্ৰহটোৱে পৃথিৱীৰ পৃষ্ঠত আঘাত কৰিব পৰাৰ সম্ভাৱনা  অতি কম।


    উপগ্ৰহটো প্ৰকৃততে ক'ত পৰিব  পাৰে? বিজ্ঞানীসকলে কৈছে যে নাছাৰ পৰিত্যক্ত উপগ্ৰহটো আফ্ৰিকা, এছিয়া, মধ্য প্ৰাচ্য বা উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ পূব বা পশ্চিমৰ কোনো ঠাইত খহি পৰিব। উল্লেখ্য ইবিআৰএছ নামৰ কৃত্ৰিম উপগ্ৰহটো ১৯৮৪ চনত উৎক্ষেপণ কৰা হৈছিল। উপগ্ৰহটোৱে ২০০৫  চনলৈ কাম কৰি আছিল। ইবিআৰএছে নিয়মীয়াকৈ অ'জন স্তৰৰ বিষয়ে তথ্য প্ৰেৰণ কৰি আহিছিল৷