• সাৱধান এলিয়েন আহি আছে! দূৰ-দূৰণিৰ পৰা অহা ৰেডিঅ’ সংকেত লাভ কৰি দাঁতে-ওঁঠে কামোৰ খাইছে বিজ্ঞানীয়েও, ধৰা পৰিছে ভাৰতত স্থাপন কৰা টেলিস্কোপত

    বিজ্ঞান আৰু প্ৰযুক্তি
    সাৱধান এলিয়েন আহি আছে! দূৰ-দূৰণিৰ পৰা অহা ৰেডিঅ’ সংকেত লাভ কৰি দাঁতে-ওঁঠে কামোৰ খাইছে  বিজ্ঞানীয়েও, ধৰা পৰিছে ভাৰতত স্থাপন কৰা টেলিস্কোপত
    ডিজিটেল ডেস্কঃ আধুনিক বিজ্ঞানে  মহাকাশৰ বহুজটিল ৰহস্য ভেদ কৰিবলৈ সক্ষম হৈছে৷ পৃথিৱীৰ দৰেই মহাকাশৰো আন কৰবাত প্ৰাণীয়ে বাস কৰি আছে নেকি? এই প্ৰশ্নই এতিয়া বিজ্ঞানীসকলক ভবাই তুলিছে৷ এনে সময়তে এলিয়েনৰ কথাবোৰেও মাজে-সময়ে আলোড়ণৰ সৃষ্টি কৰি আহিছে৷  হঠাতে ছায়াপথৰ পৰা আহিছে এক বিশেষ ৰেডিঅ’  সংকেত!   

    প্ৰথমবাৰৰ বাবে কানাডাৰ  বিজ্ঞানীৰ এটা দলে ৯০০ বিলিয়ন আলোকবৰ্ষ দূৰত থকা এটা ছায়াপথৰ পৰা অহা ৰেডিঅ' তৰংগ ধৰা পেলাবলৈ সক্ষম হৈছে৷ বিজ্ঞানীসকলে  ভাৰতত স্থাপন কৰা টেলিস্কোপৰ সহায়ত সেই তৰংগৰ সন্ধান লাভ কৰিছে৷ এলিয়েনৰ বিষয়ে মানুহৰ  কৌতূহলৰ কোনো অন্ত নাই। সাধাৰণ জনতাপৰা বিজ্ঞানীলৈকে সকলোৱে এলিয়েনৰ বিষয়কলৈ আগ্ৰহ দেখুৱাই আহিছে৷  উৎসাহিত। গতিকে ৯০০ বিলিয়ন আলোক বৰ্ষ দূৰৰ পৰা অহা ৰেডিঅ’ সংকেতকলৈ সেয়ে এতিয়া বিজ্ঞানীসকলো আচৰিত হৈ পৰিছে৷ 

    বিজ্ঞানীসকলৰ মতে  পৃথিৱীৰ ওচৰৰ ছায়াপথৰ পৰা অহা সংকেতটো  এলিয়েনৰ নহবও পাৰে৷  এই সংকেত প্ৰকৃততে বহুদিন আগতে সেই স্থানত  সৃষ্টি হৈছিল আৰু এতিয়াহে পৃথিৱীলৈ আহি পাইছে।
    এছ.ডি.এছ.এছ.জে ০৮২৬+৫৬৩০ ছায়াপথৰ পৰা বিজ্ঞানীসকলে সংকেত পাইছে৷  এই সংকেতটো  ১৩.৭  বিলিয়ন বছৰ পুৰণি বুলি ভবা হৈছে৷  যায়।  বিশ্বতত্ত্বৰ বিষয়ত  গৱেষণা কৰি থকা ভাৰতীয় বিজ্ঞানী অয়ন চক্ৰৱৰ্তীয়ে কয়, "এতিয়ালৈকে আমি পৃথিৱীৰ ওচৰৰ ছায়াপথৰ পৰা এটা ৰেডিঅ' সংকেত পাইছো। ছায়াপথবোৰে বিভিন্ন প্ৰকাৰৰ সংকেত দিয়ে। অৱশ্যে ৯০০  নিযুত আলোক বৰ্ষ দূৰৰ পৰা  প্ৰথমবাৰৰ বাবে এনে সংকেত ধ্বনি আহিছে । "

    ৰয়েল এষ্ট্ৰোনমিকেল চছাইটিয়ে এছ.ডি.এছ.এছ.জে ০৮২৬+৫৬৩০ ছায়াপথৰ পৰা  অহা সংকেত বিশ্লেষণ কৰা আৰম্ভ কৰিছে। বিজ্ঞানীসকলৰ  মতে এয়া হৈছে এক বিদ্যুতচুম্বকীয় তৰংগ, যাক হাইড্ৰজেন ৰেখা বুলি কোৱা হয়। তৰংগদৈৰ্ঘ্য ১৪২০-ৰ ওচৰত।  ইয়াতকৈ বেছি আৰু একো জনা হোৱা নাই।