• আৱিষ্কাৰ হ’ল মহাকাশৰ আটাইতকৈ ডাঙৰ কৃষ্ণগহ্বৰ জেট

    বিজ্ঞান আৰু প্ৰযুক্তি
    আৱিষ্কাৰ হ’ল মহাকাশৰ আটাইতকৈ ডাঙৰ কৃষ্ণগহ্বৰ জেট
    ডিজিটেল ডেস্ক
    কৃষ্ণগহ্বৰ বহুতৰে বাবে এক আমোদজনক বিষয়৷ কৃষ্ণগহ্বৰে প্ৰায়েই বিজ্ঞানী সকলক বিমোৰত পেলাইছে৷ হাজাৰ চেষ্টা কৰিও তেওঁলোকে কৃষ্ণগহ্বৰৰ প্ৰকৃত ৰহস্য উদঘাটন কৰিব পৰা নাই। 
    কিন্তু শেহতীয়া এক আৱিষ্কাৰে কৃষ্ণগহ্বৰ সম্পৰ্কে থকা বহু প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম হৈছে৷ ৱেষ্টাৰ্ণ চিডনী বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্বিজ্ঞানীসকলে   আৱিষ্কাৰ কৰিছে আকাশৰ আটাইতকৈ ডাঙৰ কৃষ্ণ গহ্বৰ জেট ৷ 

     এক মিলিয়ন আলোক বৰ্ষতকৈও অধিক বিস্তৃত এই জেটখনে  প্ৰচুৰ শক্তিৰে পোহৰৰ দৰে গতিত এটা কৃষ্ণগহ্বৰৰ পৰা আঁতৰি যায়।কিন্তু ছায়াপথবোৰৰ মাজত  বিশাল মহাকাশত প্ৰায়েই  ই নিজৰ পথ বিচাৰি নাপায়।

    মাত্ৰ ৯৩ নিযুত আলোকবৰ্ষ দূৰত্বত এনজিচি ২৬৬৩  ছায়াপথটো  মহাজাগতিকভাৱে আমাৰ তেনেই কাষত অৱস্থিত৷  যদি ছায়াপথটো আমাৰ এটা ঘৰ হয়, এনজিচি ২৬৬৩  এক উপনগৰৰ দৰে হ'ব।

    এটা সাধাৰণ দূৰবীণেৰ জৰিয়তে ইয়াক আমি  ডিম্বাকৃতিৰ যেন দেখোঁ৷  এই জেটবোৰে বিভিন্ন গেছবোৰক  ছায়াপথলৈ ৰূপান্তৰিত কৰে৷ এই প্ৰক্ৰিয়াটোৰ   পোনপটীয়া দৃশ্য  বাৰুকৈয়ে আকৰ্ষণীয়।

    যদিও জ্যোতিৰ্বিজ্ঞানীসকলে পূৰ্বেও  এনে ধৰণৰ জেট বিচাৰি পাইছিল, এনজিচি ২৬৬৩ ৰ বৃহৎ  আকাৰ (এক মিলিয়ন আলোক বৰ্ষতকৈও অধিক) আৰু আপেক্ষিক ঘনিষ্ঠতাই   ইয়াক আটাইতকৈ বৃহৎ জেট বুলি স্বীকৃতি দিছে৷

    এই বিশেষ গৱেষণাটো ৱেষ্টাৰ্ণ চিডনী বিশ্ববিদ্যালয়ৰ ডক্টৰেট ডিগ্ৰীৰ  শিক্ষাৰ্থী ভেলিবৰে নেতৃত্ব দিছে, আৰু ইয়াক ৰয়েল এষ্ট্ৰোনমিকেল চছাইটিৰ মাহেকীয়া  আলোচনীত প্ৰকাশৰ বাবে গ্ৰহণ কৰা হৈছে।