• ভাৰতকে ধৰি বিশ্বজুৰি কমি আহিছে পুৰুষৰ শুক্ৰাণুৰ সংখ্যা! মানৱজাতিৰ প্ৰতি ভাবুকি বুলি গণ্য কৰিছে গৱেষকসকলে

    বিজ্ঞান আৰু প্ৰযুক্তি
    ভাৰতকে ধৰি বিশ্বজুৰি কমি আহিছে পুৰুষৰ শুক্ৰাণুৰ সংখ্যা! মানৱজাতিৰ প্ৰতি ভাবুকি বুলি গণ্য কৰিছে গৱেষকসকলে

    ডিজিটেল ডেস্কঃ বিশ্বজুৰি পুৰুষসকলৰ শুক্ৰাণুৰ সংখ্যা হ্ৰাস
    পাইছে৷ এই
    চাঞ্চল্যকৰ ভাষ্য আগবঢড়াইছে এটি গৱেষণা সংস্থাই৷



     



    সংস্থাটোৱে কৈছে যে ভাৰতকে ধৰি সমগ্ৰ বিশ্বত পুৰুষৰ শুক্ৰাণু
    কমি আহিছে৷ ইয়াক অতি গুৰুত্বপূৰ্ বুলি তেওঁলোকে আখ্যা দিছে৷



     



    মঙলবাৰে হিউমেন ৰিপ্ৰডাকচন আপডেট নামৰ এখন জাৰ্ণালত এই
    গৱেষণাটো প্ৰকাশ হৈছে৷ গৱেষণাটোত ৫৩ খন দেশক সাঙুৰি লোৱা হৈছে৷



     



    উলা্লেখ্য যে শুক্ৰাণুৱে কেৱল প্ৰজনন ক্ষমতাই নহয়, পুৰুষৰ
    স্বাস্থ্যও নিয়ন্ত্ৰণ কৰে৷ যদি নিম্ন হাৰত শুক্ৰাণু থাকে, তেন্তে নানা ধৰণৰ অসুখ, ডিম্বাশয়ৰ
    কেঞ্চাৰ আৰু আয়ুস কমাৰ দৰে অথন্তৰে দেখা দিব পাৰে৷



     



    সংস্থাটোৱে বিশ্বজুৰি শুক্ৰাণু কমি অহাৰ বিষয়ে কয় যে ই
    এটা গোলকীয় সমস্যা৷ এই সমস্যা আধুনিক জীৱনযাত্ৰা আৰু পৰিৱেশৰ ফলত উদ্ভৱ হৈছে৷



     



    আনহাত, ভাৰতৰ বিষয়ে বিশেষভাৱে উল্লখ কৰি গৱেষণাটোত কোৱা
    হৈছে দেশখনত ইয়াক গভীৰভাৱে দেখা পোৱা গৈছে৷ এগৰাকী গৱেষক হাগাই লেভিনে কয় যে ভাৰতত
    লাভ কৰা নিৰ্ভৰৃযোগ্য তথ্য অনুসৰি, দেশখনত অত্যন্ত শক্তিশালীভাৱে শুক্ৰাণুৰ সংখ্যা
    হ্ৰাস পাব ধৰিছে৷



     



    গৱেষকগৰাকীয়ে কয় যে এয়া মানৱজাতিৰ অস্তিত্বৰ বাবেই এটা
    ভাবুকিস্বৰূপ৷ সেয়ে বিশ্বজুৰি এই সম্পৰ্কে ব্যৱস্থা লোৱাৰ প্ৰয়োজন বুলি তেওঁ উল্লেখ
    কৰে৷