ডিজিটেল ডেস্ক: হিন্দু ধৰ্মত সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ দুয়োটাকে শুভ বুলি গণ্য কৰা নহয়। গ্ৰহণৰ সময়ত কাম কৰা নিষিদ্ধ। বছৰৰ দ্বিতীয় আৰু শেষ সূৰ্যগ্ৰহণৰ বাবে মাত্ৰ কেইটামান দিন বাকী। অহা মাহৰ আৰম্ভণিতে হ’ব ২০২৪ চনৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ।
উল্লেখ্য যে এটা বছৰত প্ৰায় ৪টা গ্ৰহণ হয়, ইয়াৰে ২টা চন্দ্ৰগ্ৰহণ আৰু ২টা সূৰ্যগ্ৰহণ। ১৮ ছেপ্টেম্বৰত শেষবাৰৰ বাবে চন্দ্ৰগ্ৰহণ হৈছিল। আনহাতে বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ ২০২৪ চনৰ ৮ এপ্ৰিলত হৈছিল। বছৰৰ এই প্ৰথমটো সূৰ্যগ্ৰহণ আছিল সম্পূৰ্ণ সূৰ্যগ্ৰহণ যিটো ভাৰতত দৃশ্যমান হোৱা নাছিল। এতিয়া আমি আপোনালোকক জনাম যে এই বছৰৰ শেষ সূৰ্যগ্ৰহণ কেনেকুৱা হ'ব আৰু ক'ত দেখা যাব।
ভাৰতত দৃশ্যমান হ’ব নে সূৰ্যগ্ৰহণ?
বছৰৰ শেষৰটো সূৰ্যগ্ৰহণ নৱৰাত্ৰিৰ আগতে অৰ্থাৎ ২০২৪ চনৰ ২ অক্টোবৰত হ’ব। পিতৃপক্ষ শেষ হ’ব সূর্যগ্রহণৰ দিনা ৷ ভাৰতীয় সময় অনুসৰি নিশা ৯.৪৭ বজাৰ পৰা আৰম্ভ হ’ব সূৰ্যগ্ৰহণ। ৩ অক্টোবৰৰ পুৱা ৩:১৭ বজাত শেষ হ’ব সূৰ্যগ্ৰহণ।
কোন কোন ঠাইত দৃশ্যমান হ’ব সূৰ্যগ্ৰহণ?
এই বছৰৰ শেষৰটো সূৰ্যগ্ৰহণ আমেৰিকা, আৰ্জেণ্টিনা, এন্টাৰ্কতিকা, উৰুগুৱে, হনোলুলু, বুয়েনছ আয়াৰ্ছ, আৰ্কটিক, প্ৰশান্ত মহাসাগৰ, পেৰী, চিলি, আৰু দ্বীপটোৰ উত্তৰ অংশত দৃশ্যমান হ’ব।
Leave A Comment