• ৩০ আগষ্টত নিশাৰ আকাশত অতি উজ্জ্বল ৰূপত ১৪ শতাংশ ডাঙৰকৈ দেখা যাব চন্দ্ৰক

    বিজ্ঞান আৰু প্ৰযুক্তি
    ৩০ আগষ্টত নিশাৰ আকাশত  অতি উজ্জ্বল ৰূপত ১৪ শতাংশ ডাঙৰকৈ দেখা যাব চন্দ্ৰক
    ডিজিটেল ডেস্কঃ ভাৰতৰ চন্দ্ৰযান-৩-এ চন্দ্ৰপৃষ্ঠত সফলতাৰে অৱতৰণ কৰাৰ পিছতে ৩০ আগষ্টৰ নিশা আকাশত চন্দ্ৰটো অতি উজ্জ্বল ৰূপত দেখা যাব।  আকাশত সচৰাচৰ দেখা চন্দ্ৰটোতকৈ কাইলৈ দেখিবলগীয়া চন্দ্ৰটোৰ আকাৰ বহু খিনি ডাঙৰ দেখা যাব।  কেৱল সেয়াই নহয়, কাইলৈ চন্দ্ৰটোৰ উজ্জলতাও বহু খিনি বৃদ্ধি পাব।উল্লেখ্য চলিত বৰ্ষৰ  আগষ্ট মাহত দুটাকৈ পূৰ্ণিমাৰ দিন আছিল। সেই পূৰ্ণিমাৰ দিনতে ব্লু মুন বা নীলা চন্দ্ৰ দেখা যায়। প্ৰথম পূৰ্ণিমা ১ আগষ্টত আছিল আৰু দ্বিতীয় পূৰ্ণিমা ৩০ আগষ্টত হ'ব। সমগ্ৰ বিশ্বই এই জ্যোতিৰ্বৈজ্ঞানিক ঘটনাটো চাবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে। কাইলৈ  চন্দ্ৰৰ আকাৰ সচৰাচৰ দেখাতকৈ  ১৪ শতাংশ ডাঙৰ হ'ব। 

    এই দৃশ্য প্ৰতি ২ বা ৩ বছৰৰ মূৰতহে  দেখা যায়। মহাকাশত কিছুমান জ্যোতিৰ্বৈজ্ঞানিক পৰিঘটনাৰ ফলত আকাশত নতুন চন্দ্ৰ, পূৰ্ণিমা, চুপাৰ মুন আৰু নীলা চন্দ্ৰ বা ব্লু মুন আদি  দেখা যায়। ব্লু মুন হৈছে এনে এক জ্যোতিৰ্বৈজ্ঞানিক পৰিঘটনা, যাক প্ৰতি ২ ৰ পৰা ৩ বছৰত দেখা যায়। যেতিয়া এমাহত দুটা পূৰ্ণিমা থাকে, দ্বিতীয় পূৰ্ণিমাক ব্লু মুন  বুলি কোৱা হয়। সেইদিনা চন্দ্ৰটো  আকাৰত অলপ ডাঙৰ হয় , লগতে ইয়াৰ ৰঙো অলপ বেলেগ হয়। যদি বছৰৰ দুই বা তাতোকৈ বেছি  মাহত দুটা পূৰ্ণিমা থাকে তেন্তে সেই বছৰটোক চন্দ্ৰ বৰ্ষ বুলি কোৱা হয়। এনে ঘটনা ২০১৮ চনত দেখা গৈছিল। সেই চনটো চন্দ্ৰ বৰ্ষ আছিল। কিয়নো ২০১৮  বৰ্ষৰ  জানুৱাৰী আৰু মাৰ্চত দুটাকৈ পূৰ্ণিমা আছিল।

    চন্দ্ৰই এবছৰত পৃথিৱীৰ চাৰিওফালে ১২,২৭ বাৰ ঘূৰে। পৃথিৱীত এবছৰত ১২ মাহ থাকে আৰু প্ৰতি মাহে পূৰ্ণিমা হয়। এনেদৰে প্ৰতিটো কেলেণ্ডাৰ বৰ্ষত চন্দ্ৰই পৃথিৱীক ১২ বাৰ সম্পূৰ্ণৰূপে প্ৰদক্ষিণ কৰাৰ পাছতো  ১১ দিন বাকী ৰৈ যায়।   যদি এই অতিৰিক্ত দিনবোৰ প্ৰতি বছৰে যোগ কৰা হয়, তেন্তে এই সংখ্যা দুবছৰত ২২ আৰু তিনি বছৰত ৩৩ দিন হয়। ইয়াৰ বাবে প্ৰতি ২ বা ৩ বছৰত এনে এক পৰিবেশৰ  সৃষ্টি হয়, য'ত অতিৰিক্ত পূৰ্ণিমা পৰে। এই পৰিস্থিতিটোক ব্লু মুন বুলি কোৱা হয়। ৩০ আগষ্টত দেখিবলগীয়া  ব্লু মুন বছৰটোৰ আটাইতকৈ ডাঙৰ আৰু উজ্জ্বল চন্দ্ৰ হ'ব।

     নীলা ৰঙৰ অৰ্থ এয়া  নহয় যে চন্দ্ৰক নীলা দেখাব, কিন্তু কেতিয়াবা বায়ুমণ্ডলীয় কাৰকৰ  বাবে চন্দ্ৰৰ ৰং নীলা দেখা যাব পাৰে।   

    সূৰ্য অস্ত যোৱাৰ লগে লগে ব্লু মুন  চালে অতি ধুনীয়া ৰূপত চন্দ্ৰটো দেখা যাব।  ৩০ আগষ্টৰ নিশা ৮.৩৭  বজাত  চন্দ্ৰটো  আটাইতকৈ বেছি উজ্জ্বল হৈ পৰিব।  ইয়াৰ পিছত ব্লু মুন তিনি বছৰ পিছত ২০২৬  চনত দেখা যাব।এই জ্যোতিৰ্বৈজ্ঞানিক ঘটনা এনে এটা সময়ত ঘটিবলৈ গৈ আছে যেতিয়া ভাৰতৰ অভিযান চন্দ্ৰযান-৩ চন্দ্ৰত অৱতৰণ  কৰিছে।  ২৩ আগষ্টত চন্দ্ৰযান-৩-এ  চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিছিল। ১৪ জুলাইত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা চন্দ্ৰযান উৎক্ষেপণ কৰা হৈছিল। ৪০ দিন ভ্ৰমণ কৰাৰ পিছত, চন্দ্ৰযান খনে ২৩  আগষ্টৰ সন্ধিয়া ৬.০৪ বজাত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিছিল। চন্দ্ৰযানৰ তিনিটা মুখ্য অংশ আছে, প্ৰপালচন মডিউল, লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞান।  ১৭ আগষ্টত লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞান প্ৰপালচন মডিউলৰ পৰা পৃথক হৈছিল। ইয়াৰ  পিছতে বিক্ৰম আৰু ৰোভাৰে  চন্দ্ৰত অৱতৰণ কৰিছিল। বিক্ৰম আৰু প্ৰজ্ঞানে ২৩ আগষ্টৰ পৰা ১৪ দিনৰ বাবে চন্দ্ৰপৃষ্ঠত অধ্যয়ন চলাই যাব। 

    এই ১৪ দিনৰ বাবে চন্দ্ৰত সূৰ্যৰ পোহৰ থাকিব। চন্দ্ৰৰ এটা দিন পৃথিৱীৰ ২৯ দিনৰ সমান, ১৪ দিন ৰাতি আৰু দিন হয় ১৪ দিন। ২৩ আগষ্টত সূৰ্য চন্দ্ৰত দেখা গৈছিল  আৰু একেদিনাই চন্দ্ৰযানে চন্দ্ৰত ভৰি দিছিল। আজিলৈকে কোনো দেশৰ মহাকাশযানে চন্দ্ৰৰ দক্ষিণ মেৰুত উপস্থিত হোৱা নাই, সেয়েহে সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকলে ভাৰতৰ অভিযানৰ বিষয়ে চৰ্চা কৰিছে।