• প্ৰেৰণাৰ বাট; ইছৰ’ৰ চন্দ্ৰমুখী যাত্ৰাৰ অন্যতম সাৰথি আছিল জামুগুৰিহাটৰ উদ্দীপনা কলিতা

    বিজ্ঞান আৰু প্ৰযুক্তি
    প্ৰেৰণাৰ বাট; ইছৰ’ৰ চন্দ্ৰমুখী যাত্ৰাৰ অন্যতম সাৰথি আছিল জামুগুৰিহাটৰ উদ্দীপনা কলিতা
    ডিজিটেল ডেস্ক: জামুগুৰিহাটৰ বাঁহবাৰী সত্ৰৰ এখন সুসংস্কৃত অসমীয়া ঘৰ৷ আৰু সেই ঘৰখনৰ পৰাই ইছৰ’ৰ গৱেষণাগাৰলৈ এটা দীঘলীয়া যাত্ৰা তেওঁৰ৷ সেই যাত্ৰাত আছিল সংঘাত-সাধনা, মাজে-সময়ে আহিছিল থমকিব খোজা সময়৷ কিন্তু, সন্মুখত দেশমাতৃৰ স্বাৰ্থ, সন্মান৷ হাৰ মানিব নোৱাৰি৷ হাৰি যাব নোৱাৰি৷ চলিল নিৰলস প্ৰচেষ্টা৷ ফলাফল?

    ফলাফল ২৩ আগষ্টৰ সন্ধিয়া ৬:০৪ বজাত ‘চন্দ্ৰায়ন-৩’ৰ সফল অৱতৰণ৷ এই বৃহৎ প্ৰকল্পৰে জড়িত আছিল তেওঁ৷ নাম: উদ্দীপনা কলিতা৷ ইছৰ’ৰ ঐতিহাসিক সফলতাৰ আঁৰত প্ৰতিগৰাকী বিজ্ঞানী আৰু চন্দ্ৰযান-৩ৰ সৈতে জড়িত অন্যান্য গৱেষক, বিষয়া-কৰ্মচাৰীৰ শ্ৰম নিহিত হৈ আছে৷ জড়িত আছে অসমৰো কেইবাগৰাকী বিজ্ঞানী৷ তাৰেই অন্যতম জামুগুৰিহাটৰ যুৱ বিজ্ঞানী উদ্দীপনা কলিতা৷
    জামুগুৰিহাটৰ বাঁহবাৰী সত্ৰ নিবাসী তথা ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত গ্ৰন্থাগাৰিক সুৰেন কলিতাৰ কনিষ্ঠ কন্যা উদ্দীপনা কলিতা। চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ পাছৰে পৰা জামুগুৰিহাটৰ উদ্দীপনাৰ ঘৰখনত এতিয়া আনন্দমুখৰ পৰিবেশ দেখা গৈছে৷ 

    ‘দেউতা তোমাক কথা দিছিলোঁ আৰু মই মোৰ কথা ৰাখিলোঁ। মোৰ কাম‍ শেষ৷’ ইছৰ’ৰ পৰা জামুগুৰিহাটৰ ঘৰখনত চিভিৰ স্ক্ৰীণত চকু ৰখা পিতৃ সুৰেন কলিতাৰ মোবাইললৈ আহিছিল সেই ফোন৷ ফোন সিপাৰে কঁপা মাতেৰে তেনেকৈয়ে কৈছিল উদ্দীপনাই৷ আৰু তাৰ পাছত উলাহে নধৰা সময় নামি আহিছিল উদ্দীপনাৰ ঘৰখনলৈ৷  

    উদ্দীপনাৰ খবৰে অসমীয়াক যেন অধিক সুখী কৰি তুলিলে। চন্দ্ৰযান-৩ৰ মূল কৰ্ণধাৰকেইগৰাকীৰ ভিতৰত যিদৰে অসমৰ চয়ন দত্ত অন্যতম আছিল, ঠিক একেদৰেই উদ্দীপনা কলিতাৰো আছিল গুৰুত্বপূৰ্ণ দায়িত্ব৷ 

    আজি উদ্দীপনাৰ কলিতাৰ বাসগৃহত উপস্থিত হয় জামুগুৰিহাটৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে জামুগুৰি পৌৰসভাৰ বিষয়ববীয়া। যুৱ বিজ্ঞানীগৰাকীৰ অনুপস্থিতিত পিতৃকে অভিনন্দন জনাই তেওঁলোকে সম্বৰ্ধনা জ্ঞাপন কৰে৷