ডিজিটেল ডেস্কঃ আঠ মাহতকৈ অধিক সময় মহাকাশত আবদ্ধ হৈ থকা নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছৰ মহাকাশ অভিযান মাৰ্চ মাহত অন্ত পৰাৰ সম্ভাৱনা আছে।
মহাকাশৰ পৰা চি এন এনৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত নাছাৰ মহাকাশচাৰীদ্বয় সুনীতা উইলিয়ামছ আৰু বুচ্চ উইলম'ৰে কয় যে ১২ মাৰ্চত পৃথিৱীৰ পৰা ক্রু-১০ অভিযান আৰম্ভ হ'ব আৰু আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্রলৈ (আইএছ এছ) ৰাওনা হ'ব। এসপ্তাহৰ পাছত ১৯ মাৰ্চত দুয়োগৰাকী মহাকাশচাৰীয়ে ড্রেগন মহাকাশ যানখনেৰে পৃথিৱীলৈ ঘূৰি আহিব বুলি মহাকাশচাৰীদ্বয়ে মন্তব্য কৰে।
পৃথিৱীলৈ ঘূৰি অহাৰ পিছত মহাকাশচাৰীসকলে স্বাভাৱিক জীৱনলৈ ঘূৰি আহিবলৈ ৪৫ দিনৰ পৰা কেইমাহমান বা আনকি এবছৰ সময়ো লাগিব পাৰে। মহাকাশত কিমান দিন আছে আৰু ই তেওঁলোকৰ শৰীৰত কিমান প্ৰভাৱ পেলাইছে তাৰ ওপৰত নিৰ্ভৰ কৰে।
মহাকাশৰ পৰা পৃথিৱীলৈ উভতি অহাটো ইমান সহজ নহয়। ৮ দিনৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আইএছএছ)লৈ প্ৰেৰণ কৰা ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ অৱশেষত ২০২৫ চনৰ ১২ মাৰ্চত পৃথিৱীলৈ উভতি আহিব। তেওঁ আৰু তেওঁৰ সহযোগী বুচ উইলমৰে মহাকাশযান "ষ্টাৰলাইনাৰ"ৰ জৰিয়তে উভতি আহিব লাগিছিল, কিন্তু কাৰিকৰী দোষৰ বাবে মিছনটো আশা কৰাতকৈ অধিক সময় লাগিল।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment