• চন্দ্ৰৰ সমীপত লেণ্ডাৰ বিক্ৰম; আজি নিশা ২ বজাত অধিক কাষ চাপিব চন্দ্ৰৰ

    বিজ্ঞান আৰু প্ৰযুক্তি
    চন্দ্ৰৰ সমীপত লেণ্ডাৰ বিক্ৰম; আজি নিশা ২ বজাত অধিক কাষ চাপিব চন্দ্ৰৰ
    ডিজিটেল ডেস্ক: চন্দ্ৰৰ নিচেই সমীপত চন্দ্ৰযানৰ লেণ্ডাৰ বিক্ৰম৷ আজি নিশা ২ বজাত বিক্ৰম অধিক কাষ চাপিব চন্দ্ৰৰ৷ নিশা ২ বজাত সম্পন্ন হ’ব বিক্ৰম লেণ্ডাৰৰ ডিবুষ্টিং৷ 

    ডিবুষ্টিঙৰ জৰিয়তে হ্ৰাস কৰা হ’ব বিক্ৰমৰ গতি৷ ডিবুষ্টিঙৰ পাছত চন্দ্ৰৰ পৰা নিকটতম দূৰত্ব হ’ব ৩০ কিঃমিঃ৷ আনহাতে সৰ্বাধিক দূৰত্ব হ’বগৈ ১০০ কিঃমিঃ৷ সম্প্ৰতি নিশাৰ আন্ধাৰে আৱৰি আছে লেণ্ডাৰে অৱতৰণ কৰিবলগীয়া স্থান দক্ষিণ মেৰু অঞ্চল। ২৩ আগষ্টত সেই অঞ্চলত হ’ব সুৰ্যোদয়। 

    যাৰ বাবে ২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত ছফট লেণ্ডিঙৰ চেষ্টা চলাব লেণ্ডাৰ বিক্ৰমে। কিয়নো লেণ্ডাৰ বিক্ৰমত সংযোজিত ইঞ্জিনৰ শক্তিৰ বাবে ব্যৱহৃত হ’ব সৌৰশক্তি। আনহাতে, ২৩ আগষ্টত অৱতৰণ অসফল হ’লে পুনৰ অৱতৰণৰ বাবে লেণ্ডাৰ বিক্ৰমে অপেক্ষা কৰিব লাগিব ২৮ দিনলৈ।