• ৭ ডিচেম্বৰত বিৰল পৰিঘটনা! আকাশত চন্দ্ৰৰ লগতে একেলগে দেখা যাব মংগল গ্ৰহক

    বিজ্ঞান আৰু প্ৰযুক্তি
    ৭ ডিচেম্বৰত বিৰল পৰিঘটনা! আকাশত চন্দ্ৰৰ লগতে একেলগে দেখা যাব মংগল গ্ৰহক
    ডিজিটেল ডেস্কঃ পৃথিৱীত বাস কৰা প্ৰতিজন মানুহৰ বাবে কিছুমান দিন অতি বিশেষ হৈ পৰে। সমগ্ৰ বিশ্বৰ মহাকাশ বিজ্ঞানীসকলে আগ্ৰহেৰে ৭ ডিচেম্বৰৰ বাবে অপেক্ষা কৰি আছে। ইয়াৰ ভিতৰত জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনাৰ সাক্ষী হ’বলৈ ভাল পোৱা লোকসকলো অন্তৰ্ভুক্ত হৈ আছে। সমগ্ৰ বিশ্বৰ মানুহে যেনেকৈ বছৰ বছৰ ধৰি সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ চাবলৈ অপেক্ষা কৰে, ঠিক তেনেদৰে আগন্তুক ৭ ডিচেম্বৰ তাৰিখটোও অতি গুৰুত্বপূৰ্ণ। ৭ ডিচেম্বৰত মহাকাশত এক আচৰিত দৃশ্য দেখা যাব। আকাশত একেলগে দেখা যাব চন্দ্ৰ আৰু মংগল গ্ৰহক। এনে দৃশ্য খুব কমেইহে দেখা যায়।

    ইমান বিশেষ কিয়?

    আমি যিখন পৃথিৱীত বাস কৰোঁ সেয়া সৌৰজগতৰ এটা অংশ বুলি আমি সকলোৱে জানো। ৭ ডিচেম্বৰত সূৰ্য্য, পৃথিৱী, চন্দ্ৰ আৰু মংগল গ্ৰহ একে সৰলৰেখাত থাকিব। এই সময়ত চন্দ্ৰৰ লগতে মংগল গ্ৰহকো পৃথিৱীবাসীয়ে দেখিবলৈ পাব।

    মংগল গ্ৰহ কেনেকৈ চাব পাৰিব?

    যদি আপুনি মংগল গ্ৰহ চাব বিচাৰে তেন্তে সঠিক কৌশল আৰু সঠিক সময় অনুসৰণ কৰক। আমেৰিকাৰ সময় অনুসৰি, নিশা ১১.০৮ বজাত এই দৃশ্য দেখিবলৈ পোৱা যাব। সেই সময়ত ই ভাৰতত ৮ ডিচেম্বৰ হ'ব। গতিকে ৮ ডিচেম্বৰৰ নিশা ভাৰতত মংগল গ্ৰহ দেখাৰ সম্ভাৱনা থাকিব। এই সময়ত আকাশলৈ চালে কমলা হালধীয়া ৰঙৰ তৰা এটা দেখা পাব। এই তৰাটো সূৰ্যৰ পোহৰত হালধীয়া বা কমলা ৰঙৰ হৈ জিলিকি থকা দেখা যাব। এইটোৱেই হ’ব ৰঙা গ্ৰহ অৰ্থাৎ মংগল গ্ৰহ। 

    ইয়াৰ উপৰিও ভাৰ্চুৱেল টেলিস্কোপ প্ৰজেক্টৰ লাইভষ্ট্ৰীমিংৰ সময়ত এই সুন্দৰ অনুষ্ঠানটো আপোনালোকে চাব পাৰিব। বিজ্ঞানীসকলৰ মতে ১৪ বছৰৰ পাছত এনে এক কাকতলীয়া ঘটনা দেখা পোৱা যাব। যদি আপুনি আমেৰিকাত থাকে তেন্তে প্ৰায় ২ মিনিটমান আকাশত এনে বিৰল পৰিঘটনা চাব পাৰিব। বিভিন্ন দেশৰ বাবে ইয়াৰ সময় বেলেগ বেলেগ। এই দিনটোত চন্দ্ৰৰ ওপৰৰ বাওঁফাললৈ চালে জিলিকি থকা মংগল গ্ৰহটো দেখা পাব।