• পাকিস্তান-আফগানিস্তানৰ দুই ক্ৰিকেটাৰক শাস্তি বিহিলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে

    ক্ৰীড়া
    পাকিস্তান-আফগানিস্তানৰ দুই ক্ৰিকেটাৰক শাস্তি বিহিলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে
    ডিজিটেল ডেস্ক
    পাকিস্তান-আফগানিস্তানৰ উত্তেজনাপূৰ্ণ খেলখন চলি থকাৰ সময়ত  আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে শাস্তি প্ৰদান কৰিছে আচিফ আলী আৰু ফৰিদ আহমেদক ৷  পাকিস্তানৰ আচিফ আৰু আফগানিস্তানৰ ফৰিদক মেচ মাচুল সম্পৰ্কীয়  অনুশাসন উলংঘনৰ  বাবে এই শাস্তি প্ৰদান কৰা হৈছে৷ 

    বুধবাৰে নিশা সংঘটিত ঘটনাৰ বাবে দুয়োজন ক্ৰিকেটাৰক তেওঁলোকৰ খেলৰ মাচুলৰ ২৫ শতাংশ জৰিমনা বিহা হৈছে বুলি  বৃহস্পতিবাৰে এক প্ৰেছ বিজ্ঞপ্তিত আই চি চিয়ে কয়। একে সময়তে, তেওঁলোকে এটা ডিমেৰিট পইণ্টো লাভ কৰিছে। 

    শাৰজাহত খেলখনত  ফৰিদে পাকিস্তানৰ  বেটছমেন আচিফক আউট কৰিছিল। কিন্তু তেওঁ আচিফৰ  সন্মুখলৈ গৈ আক্ৰমণাত্মক ভঙ্গী প্ৰদৰ্শন কৰিছিল। বৰ্খাস্ত হোৱাৰ বাবে হতাশ  হতবাক হৈ পৰিছে আচিফ৷  তেওঁ ফৰিদক বেটেৰে আক্ৰমণ কৰিবলৈও  চেষ্টা কৰিছিল। আন খেলুৱৈ আৰু আম্পায়াৰসকলে তেওঁলোক দুয়োকে নিয়ন্ত্ৰণ কৰিছিল আৰু পৰিস্থিতি শান্ত কৰিছিল।

    আচিফ আউট হোৱাৰ পিছত, মেচখন আফগানিস্তানৰ সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ আহিছিল৷ কিন্তু নাছিম শ্বাহে পাকিস্তানক এক উইকেটৰ অবিশ্বাস্য বিজয় প্ৰদান কৰে। লগতে দলটোক ফাইনেল পৰ্যায়লৈ যোৱাত সহায় কৰে৷