• কিয় বাৰে বাৰে বৃহৎ প্ৰতিযোগিতাত ব্যৰ্থ হৈছে টীম ইণ্ডিয়া? স্পষ্টকৈ মতামত ব্যক্ত কৰিলে অধিনায়ক ৰোহিত শৰ্মাই, কি ক’লে?

    ক্ৰীড়া
    কিয় বাৰে বাৰে বৃহৎ প্ৰতিযোগিতাত ব্যৰ্থ হৈছে টীম ইণ্ডিয়া? স্পষ্টকৈ মতামত ব্যক্ত কৰিলে অধিনায়ক ৰোহিত শৰ্মাই, কি ক’লে?
    ডিজিটেল ডেস্কঃ ভাৰতে শেষবাৰৰ বাবে আই চি চিৰ ট্ৰফী লাভ কৰাৰ ১০ বছৰ হ’ল। ইয়াৰ মাজৰ বছৰবোৰত ইখনৰ পিছত সিখন প্ৰতিযোগিতাত ব্যৰ্থ হৈছে ভাৰত। এমাহ পূৰ্বে বিশ্ব টেষ্টৰ ফাইনেলত পৰাস্ত হৈছিল। কিয় বাৰে বাৰে আই চি চিৰ প্ৰতিযোগিতাত ব্যৰ্থ হৈছে ভাৰত? ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ পূৰ্বে উত্তৰ দিছিল ৰোহিত শৰ্মাই।

    এই সন্দৰ্ভত ৰোহিতক সোধাত তেওঁ কয়- ''প্ৰথমতে এনে মেচত প্ৰৱেশ কৰাৰ আগতে সকলো খেলুৱৈ ১০০ শতাংশ ফিট হ’ব লাগে। মই নিবিচাৰো কাৰো আঘাতৰ সমস্যা হওক।"

    ৰোহিতৰ কথাৰ পৰা স্পষ্ট যে যশপ্ৰীত বুমৰাহ আৰু শ্ৰেয়াছ আয়াৰৰ দৰে ক্ৰিকেটাৰ দলত নথকাৰ বাবে হাৰিবলগীয়া হৈছিল। 
    অৱশ্যে অনাগত দিনত তেওঁলোকে আই চি চিৰ ট্ৰফী লাভ কৰিব বুলি আশা কৰিছে ৰোহিতে।

    তেওঁ কয়, “মই বহুদিন ট্ৰফী জিকিব পৰা নাছিলো। কিন্তু মোৰ মতে কামসমূহ সঠিকভাৱে কৰিলে সফলতা এদিন আহিব। যোৱা কেইবছৰমানৰ পৰা মই বহুত ভাল খেলিছো। কেতিয়াবা ভাগ্য আপোনাৰ পক্ষতো থাকে। যোৱা পাঁচ-ছয় বছৰলৈ চালে দেখিব যে আমি ধাৰাবাহিক ক্ৰিকেট খেলিছো। সকলো দেশলৈ গৈ জয়ী হ’লোঁ৷ কিন্তু ফাইনেলত জয়ী হোৱাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ। যেতিয়ালৈকে আমি জয়ী নহ’ম, যুঁজখন চলি থাকিব।’’

    ৰোহিতে স্পষ্ট কৰি দিছে যে এই যুঁজখন ৱেষ্ট ইণ্ডিজৰ ছিৰিজৰ পৰা আৰম্ভ হৈছে। কয়- ''যিকোনো ছিৰিজত ভাল খেলাটো গুৰুত্বপূৰ্ণ। প্ৰতিখন মেচ আমাৰ বাবে গুৰুত্বপূৰ্ণ। দুবাৰকৈ ফাইনেলত প্ৰৱেশ কৰাৰ পিছতো মই জয়ী হ’ব পৰা নাছিলো। আমাৰ ওচৰলৈ আহিছে এটা নতুন সুযোগ।"

    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor