• টি২০ বিশ্বকাপৰ দলত নাই ৰবীচন্দ্ৰন অশ্বিন, সেয়ে ঘৰতে ক্ৰিকেট সম্পৰ্কীয় কুইজ পাতিছে স্পিনাৰগৰাকীয়ে

    ক্ৰীড়া
    টি২০ বিশ্বকাপৰ দলত নাই ৰবীচন্দ্ৰন অশ্বিন, সেয়ে ঘৰতে ক্ৰিকেট সম্পৰ্কীয় কুইজ পাতিছে স্পিনাৰগৰাকীয়ে
    ডিজিটেল ডেস্কঃ নিয়মীয়াকৈ ক্ৰিকেট অনুশীলন কৰে ৰবিচন্দ্ৰন অশ্বিনে। ক্ৰিকেটৰ লগত জড়িত অধ্যয়ন আৰু গৱেষণাত নিজকে ব্যস্ত কৰি ৰাখে। কেৱল তেওঁৱেই নহয়, তেওঁৰ দুগৰাকী কন্যাও দেউতাকতকৈ কম নহয়।

    ভাৰতৰ টি-২০ বিশ্বকাপৰ দলত নাই অশ্বিন। ঘৰুৱা ক্ৰিকেটতো ব্যস্ততা নাই। আই পি এলৰ পিছত পৰিয়ালৰ সৈতে সময় কটাইছে এই প্ৰবীণ অফ স্পিনাৰগৰাকীয়ে। অহা দেওবাৰৰ পৰা আৰম্ভ হ’ব টি-২০ বিশ্বকাপ। গতিকে ঘৰতে ২০ অভাৰৰ বিশ্বকাপ কুইজৰ আয়োজন কৰিলে। প্ৰতিযোগী আছিল অশ্বিনৰ দুই কন্যা। অভিজ্ঞ অফ স্পিনাৰগৰাকীয়ে ছোৱালী দুগৰাকীক বিভিন্ন প্ৰশ্ন কৰে। প্ৰায় সকলো উত্তৰেই শুদ্ধ। ছোৱালীৰ ক্ৰিকেটৰ জ্ঞানত অশ্বিন নিজেই আপ্লুত। তেওঁলোকৰ ‘দুছৰা’ই তেওঁক কাৰ্যতঃ বল অভাৰ কৰে। এই কুইজৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ক্ৰিকেট প্ৰেমীসকলৰ মাজত শ্বেয়াৰ কৰা হৈছে।

    ভাৰতৰ প্ৰথমখন টি-২০ বিশ্বকাপৰ খেল ৫ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে। অহা ৯ জুনত বাবৰ আজমৰ বিৰুদ্ধে খেলিব ৰোহিত শৰ্মাই। গ্ৰুপ এত ভাৰতৰ আন দুখন প্ৰতিদ্বন্দ্বী হ’ল আমেৰিকা আৰু কানাডা। ইয়াৰ পূৰ্বে শনিবাৰে বাংলাদেশৰ বিৰুদ্ধে মাত্ৰ এখন ৱাৰ্ম আপ মেচ খেলিব ৰোহিতে।