ডিজিটেল ডেস্ক: মাজত আৰু কেইটামান ঘণ্টা! তাৰ পাছতেই ডুবাইৰ ইণ্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়ামত মুখামুখি হ'ব ক্ৰিকেট জগতৰ চিৰ প্ৰতিদ্বন্দী ভাৰত আৰু পাকিস্তান। যোৱা দেওবাৰে এছিয়া কাপ অভিযানৰ নিজৰ প্ৰথমখন মেচত পাকিস্তানক পৰাস্ত কৰি আশাপ্ৰদ আৰম্ভণি ঘটোৱা ভাৰতীয় দলে আজিও জয়ৰ লক্ষ্যৰে চুপাৰ ৪ ৰাউণ্ডৰ মেচখনত অৱতীৰ্ণ হ’ব। দেওবাৰে অনুষ্ঠিত হোৱা মেচখনতত ভাৰতে ৫ উইকেটত দৰ্শনীয় বিজয় সাব্যস্ত কৰিছিল। ভাৰতৰ এই জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল দলৰ পেচ বলিং আক্ৰমণে। মেচখনত ভাৰতীয় দলত থকা পেচ আক্ৰমণৰ চাৰিওগৰাকী পেচাৰ ভুৱনেশ্বৰ কুমাৰ, অৰ্শদ্বীপ সিং, হাৰ্দিক পাণ্ডিয়া আৰু আভেশ খানে সন্মিলিত আক্ৰমণেৰে পাকিস্তানৰ বেটিং লাইন আপত খহনীয়াৰ সৃষ্টি কৰিছিল। ব্যৰ্থ হৈছিল পাকিস্তানৰ শক্তিশালী বেটিং লাইন আপ।
অৱশ্যে আজিৰ মেচখনত পাকিস্তানেও সহজে যুঁজ এৰি নিদিব। গ্ৰুপৰ দ্বিতীয় মেচত হংকঙত বৃহৎ ব্যৱধানত পৰাস্ত কৰি জয়ৰ ট্ৰেকলৈ ঘূৰি মনোবল বৃদ্ধি পাইছে পাকিস্তানৰ। আৰু এই মনোবলকে সাৰথি কৰি প্ৰথম মেচত হোৱা পৰাজয়ৰ পোতক তুলিবলৈ পাৰ্যমানে চেষ্টা চলাব দলটোৱে।
পৰিসংখ্যাৰ ফালৰ পৰা চাবলৈ গ’লে এছিয়া কাপত অৱশ্যে পাকিস্তানৰ বিপক্ষে ভাৰতীয় দলৰ ৰেকৰ্ড উন্নত। এতিয়ালৈকে হোৱা ১৫ বাৰৰ মুখামুখিত ভাৰতীয় দলে ৯ বাৰ জয়ী সাব্যস্ত কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে পাকিস্তান জয়ী হৈছে ৫ খন মেচত। যোৱা দেওবাৰৰ মেচখনৰ পূৰ্বে ২০১৮ চনৰ এছিয়া কাপৰ মুখামুখিতো ভাৰতে পাকিস্তানক ৯ উইকেটত পৰাস্ত কৰিছিল।
টি-২০ ক্ৰিকেটৰ ইতিহাসতো ভাৰত পাকিস্তানতকৈ যথেষ্ট আগবাঢ়ি আছে। দুয়োখন দেশ ক্ৰিকেটৰ এই চুটি ফৰ্মেটটোত ১০ বাৰ মুখামুখি হৈছে। ইয়াৰে ৮ খনত ভাৰত আৰু ২ খনত পাকিস্তান জয়ী হৈছে। অৱশ্যে এনে সমীক্ষাই ক্ৰিকেটীয় যুঁজৰ ফলাফল নিৰ্ণয় কৰিব নোৱাৰে। ইতিমধ্যে টি-২০ বিশ্বকাপৰ মুখামুখিতে পাকিস্তানে সেই প্ৰমাণ দি থৈছে। বিশেষকৈ বিশ্ব ক্ৰিকেটৰ ৰেংকিঙৰ শীৰ্ষত থকা বেটাৰ বাবৰ আজমে যি প্ৰশংসনীয় প্ৰদৰ্শনেৰে দলটোক সমুখৰ পৰা নেতৃত্ব দিছে, পাকিস্তানে এতিয়া যিকোনো পৰিস্থিতিতে বিপক্ষৰ সমুখত প্ৰত্যাহ্বান থিয় কৰাব পাৰে।
বাবৰৰ লগতে দলৰ উইকেটৰক্ষক বেটাৰ মহম্মদ ৰিজৱানো সম্প্ৰতি দুৰ্দান্ত ফৰ্মত আছে। ভাৰতৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ মেচত জয়ৰ এই দুই নায়কে আজিও পুনৰ ভাৰতৰ সমুখত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে। তদুপৰি ফখৰ জামান আৰু আছিফ আলিৰ বিস্ফোৰক বেটিং ভাৰতীয় বলিং আক্ৰমণৰ সন্মুখত হেঙাৰ হিচাপে থিয় দিব পাৰে। বিগত হংকঙৰ বিপক্ষে মেচখনত খুছদিল শ্বাহৰ আক্ৰমণাত্মক বেটিঙো ইতিমধ্যে প্ৰত্যক্ষ কৰিছে সকলোৱে।
অৱশ্যে দলৰ তাৰকা বলাৰ শ্বাহিন আফ্ৰিদীৰ অভাৱ অনুভূত হ’ব দলৰ বলিং আক্ৰমণত। আফ্ৰিদীৰ অনুপস্থিতিত দলৰ বলিং আক্ৰমণৰ কামান চম্ভালিব হেৰিচ ৰ’ফে। তেওঁক সহযোগ আগবঢ়াব হাচান আলি, নাচিম শ্বাহ আৰু শ্বাহনৱাজ দাহানিয়ে। সেইদৰে স্পীন আক্ৰমণত থাকিব শ্বাদব খান আৰু মহম্মদ নাৱাজ।
ইফালে আজিৰ মেচৰ পূৰ্বে আঘাত আৰু স্বাস্থ্যজনিত সমস্যাই জুৰুলা কৰিছে ভাৰতীয় দলক। আঘাতৰ বাবে ইতিমধ্যে টুৰ্ণামেণ্টৰ পৰাই বাহিৰ হ’বলগীয়া হৈছে অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা। আনহাতে পেচাৰ আভেশ খানো আজিৰ মেচখনত অনিশ্চিত বুলি জানিব পৰা গৈছে। অৱশ্যে বেটিং বিভাগকে প্ৰধান অস্ত্ৰ হিচাপে লৈ এইবাৰৰ এছিয়া কাপত অৱতীৰ্ণ হ’ব ভাৰত।
অধিনায়ক ৰোহিত শৰ্মাৰ লগতে ৰাহুল, কোহলী, পণ্ট, সূৰ্যকুমাৰ যাদৱৰে গঠিত বেটিং বিভাগৰ ওপৰতে দলৰ মূল ভৰসা নিৰ্ণয় কৰিব। লগত থাকিব অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া। শেহতীয়া দুটা বছৰ ধৰি কোহলীৰ ফৰ্মে ভাৰতীয় দলক চিন্তাত ৰাখিছিল যদিও চলিত প্ৰতিযোগিতাখনৰ দুয়োখন মেচতে গুৰুত্বপূৰ্ণ ইনিংছেৰে কোহলীয়ে ফৰ্ম ঘূৰাই পোৱাৰ ইঙ্গিত দিছে। ভাৰতীয় দলত কোহলীৰ এই ফৰ্মে যথেষ্ট শক্তি বৃদ্ধি কৰিব। মূল একাদশত উইকেটৰক্ষক হিচাপে অভিজ্ঞ দীনেশ কাৰ্তিক আৰু পণ্টৰ মাজত কোনগৰাকীয়ে স্থান পায় সেয়া নিশ্চিত নহয়। অৱশ্যে দুয়োগৰাকীকে দলত ৰখাৰ সম্ভাৱনাও নথকা নহয়।
ইফালে ভাৰতীয় বলিং আক্ৰমণৰ মেৰুদণ্ডস্বৰূপ যশপ্ৰীত বুমৰাহ আঘাতৰ বাবে এছিয়া কাপৰ বাবে ভাৰতীয় দলৰ পৰা বাহিৰ হোৱাৰ ফলত দলৰ বলিং আক্ৰমণৰ শক্তি স্বাভাৱিকতেই কম হৈ পৰিছে যদিও ভুৱনেশ্বৰ কুমাৰৰ নেতৃত্বত বলিং আক্ৰমণে এই অভাৱ অনুভূত হ’বলৈ দিয়া নাই। যুৱ পেচাৰ অৰ্শদ্বীপ সিঙে ভুৱনেশ্বৰক যোগ্য সহযোগিতা আগবঢ়াইছে। অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ সহযোগেও বলিং বিভাগৰ শক্তি বৃদ্ধি কৰিছে। বিশেষকৈ পাকিস্তানৰ বিৰুদ্ধে প্ৰথমখন মেচত পাণ্ডিয়াই যি দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছিল, তাৰ পুনৰাবৃত্তি আশা কৰিব ক্ৰিকেট অনুৰাগীসকলে।
সেইদৰে স্পীন বলিং আক্ৰমণত লেগ স্পিনাৰ চাহালক আজি কোনে সংগ দিয়ে সেয়া লক্ষণীয় হ’ব। প্ৰথম দুখন মেচত থকা জাদেজা বাহিৰ হোৱাৰ ফলত দলত স্থান পোৱা অক্সৰ পেটেল আৰু অভিজ্ঞ ৰবিচন্দ্ৰন অশ্বিনৰ মাজত যিকোনো এগৰাকীয়ে মূল একাদশত স্থান লাভ কৰাৰ সম্ভাৱনা আছে। আনহাতে এগৰাকী অতিৰিক্ত বেটাৰ অন্তৰ্ভুক্ত কৰোৱাৰ কথা চিন্তা কৰিলে দীপক হুডাইও স্থান লাভ কৰিব পাৰে। অৱশ্যে উদীয়মান লেগ স্পিনাৰ ৰবি বিষ্ণৈৰ অন্তৰ্ভুক্তিৰ সম্ভাৱনা ক্ষীণ।
সি যি কি নহওক, মহা উৎকণ্ঠাৰে আজি নিশা ৭.৩০ বজালৈ বাট চাইছে দুইখন দেশৰ কোটি কোটি জনতাই। কেৱল দুখন দেশেই নে, বিশ্ব সম্প্ৰদায়ৰো উৎসুকতা ভৰা অপেক্ষা আজিৰ মেচখনলৈ। বিশেষকৈ প্ৰথমখন মেচত পৰাজয়ৰ পিছত পাকিস্তানে আজি তীব্ৰ যুঁজৰ বাবে যে সাজু হৈ উঠিছে সেয়া নিশ্চিত। গতিকে ডুবাইত আজি এক হাইভল্টেজ মহাৰণৰ আশা কৰিছে ক্ৰিকেট অনুৰাগীসকলে।
Leave A Comment