ডিজিটেল ডেস্ক: অসমৰ মায়াংক চক্ৰৱৰ্তীয়ে আজি অন্ত পৰা ১৭ বছৰ অনূৰ্ধৰ ৰাষ্ট্ৰীয় দবাত বিজয়ী হৈছে। মায়াংকে ১১ ৰাউণ্ডৰ পৰা ৮.৫ পইণ্ট সংগ্ৰহ কৰি খিতাপ দখল কৰে। তামিলনাডুৰ এছ হৰ্সদেও ৮.৫ পইণ্ট সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্ক’ৰৰ ভিত্তিত দ্বিতীয় স্থান লাভ কৰে৷ তামিলনাডুৰে হৰ্ষ সুৰেশে ৮ পইণ্ট সংগ্ৰহ কৰি তৃতীয় স্থান লাভ কৰে।
এই জয়ৰ সূত্ৰে মায়াংকই ৯০,০০০ টকা পুৰস্কাৰ হিচাপে লাভ কৰে।এই জয়ৰ সূত্ৰে মায়াংকে ২০২৩ চনত অনূৰ্ধ ১৮ বছৰ দবা প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব। এই প্ৰতিযোগিতাখন ৩০ জুনৰ পৰা ৯ জুলাইলৈ ওড়িশাৰ ভুবনেশ্বৰত অনুষ্ঠিত হৈছিল আৰু সৰ্বভাৰতীয় দবা মহাসংঘৰ হৈ উৰিষ্যা দবা সন্থাই আয়োজন কৰিছিল।
মায়াংকৰ এই কৃতিত্বত সদৌ অসম দবা সন্থা, গুৱাহাটী দবা সন্থাই আৰু গুৱাহাটী দবা একাডেমিয়ে অভিনন্দন জনাইছে।
Leave A Comment