• বিশ্বকাপত পৰাজয়ৰ অভিলেখ গঢ়িলে পাকিস্তানে! পাকিস্তানৰ ইতিহাসত আটাইতকৈ ব্যৰ্থ দল হিচাপে পৰিগণিত হৈছে বাবৰবাহিনী

    ক্ৰীড়া
    বিশ্বকাপত পৰাজয়ৰ অভিলেখ গঢ়িলে পাকিস্তানে! পাকিস্তানৰ ইতিহাসত আটাইতকৈ ব্যৰ্থ দল হিচাপে পৰিগণিত হৈছে বাবৰবাহিনী
    ডিজিটেল ডেস্কঃ চলিত বিশ্বকাপত একেৰাহে চাৰিখন খেলত পৰাস্ত হৈছে পাকিস্তান। ভাৰত, অষ্ট্ৰেলিয়া, আফগানিস্তানৰ পাছত শুকুৰবাৰে দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হ’বলগীয়া হৈছিল বাবৰ আজমে।

    এই পৰাজয়ে পাকিস্তানৰ ছেমি ফাইনেলত প্ৰৱেশৰ সপোনত ডাঙৰ আঘাত হানিছিল। একেৰাহে চাৰিটা পৰাজয়ৰ ফলত বাবাৰে বিশ্বকাপত এক লজ্জাজনক নজিৰ গঢ়ি তুলিছে।

    এইবাৰ বিশ্বকাপত একেৰাহে চাৰিখন মেচত পৰাস্ত হৈছে পাকিস্তান। ইয়াৰ পূৰ্বে বিশ্বকাপত একেৰাহে চাৰিখন মেচত পৰাস্ত হোৱা নাই। এই ধাৰাবাহিক ব্যৰ্থতাৰ ফলত পাকিস্তান হতাশ।

    অৱশ্যে ছেমি ফাইনেলত প্ৰৱেশৰ আশা এতিয়াও আছে। তাৰ বাবে বাবৰে প্ৰথমে বাকী তিনিখন মেচত জয়ী হ’ব লাগিব। ইয়াৰ পিছত আমি আন দলবোৰৰ ফলাফল চাব লাগিব।