ডিজিটেল ডেস্কঃ ইউৰো কাপৰ সময়তে ফুটবলাৰসকলক মানসিকভাৱে সতেজ কৰি ৰাখিবলৈ ইংলেণ্ডৰ প্ৰশিক্ষক গেৰেথ চাউথগেটে এদিনৰ ছুটী দিছে। টিম হোটেলখনৰ দুৱাৰ মুকলি কৰি দিয়া হৈছিল হেৰী কেনৰ পত্নী, প্ৰেমিকাসকলৰ বাবে। ইংলেণ্ডৰ ফুটবলাৰসকলে তাৰ সুযোগো গ্ৰহণ কৰে। কেৱল ব্যতিক্ৰম আছিল জুড বেলিংহাম। মাক-দেউতাকৰ লগত সময় কটালে। তেওঁৰ প্ৰেমিকা লৰা চেলিয়া ভ্লক পেৰিছত আছে।
নেদাৰলেণ্ডৰ মডেলগৰাকী কিয় জাৰ্মানীলৈ যোৱা নাছিল সেই বিষয়ে কৌতুহলৰ সৃষ্টি হয়। ৰিয়েল মাদ্রিদৰ ফুটবলাৰগৰাকীৰ সৈতে সঁচাকৈয়ে সম্পৰ্ক আছেনে তেওঁৰ? নহয়। আচলতে তেওঁলোকৰ মাজত কোনো সম্পৰ্ক নাছিল। ইংৰাজ মিডফিল্ডাৰগৰাকীয়ে এক বিশেষ কাৰণত সুন্দৰী মডেলগৰাকীৰ সৈতে ৰোমান্টিক অভিনয় কৰিছিল।
ইংলেণ্ডৰ ফুটবলাৰৰ পত্নী, প্ৰেমিকা সকলো এতিয়া জাৰ্মানীত। প্ৰশিক্ষকৰ অনুমতি পোৱাৰ পিছত যোৱা বুধবাৰে তেওঁলোক সকলোৱে দলীয় হোটেললৈ গৈছিল। সেইবাবেই লৰাৰ অনুপস্থিতি অধিক লক্ষ্যণীয়। পেৰিছত তেওঁৰ পেছাদাৰী কামত ব্যস্ত।
বেলিংহামৰ সৈতে তেওঁৰ সম্পৰ্কৰ খবৰে কিছুদিন পূৰ্বে ইংৰাজী প্ৰেছত ধুমুহাৰ সৃষ্টি কৰিছিল। ২৫ বছৰীয়া মিডফিল্ডাৰগৰাকীয়ে পিতৃ-মাতৃৰ সৈতে সময় কটোৱা দেখি আৰম্ভ হয় অনুসন্ধান।
বেলিংহামৰ কোনো প্ৰেমিকা নাই। তেওঁক ডেটিং এপতো দেখা যায়। ইংৰাজ মিডফিল্ডাৰগৰাকীয়ে তাত প্ৰেমিকা বিচাৰিছে। কিন্তু ইউৰোৰ প্ৰথমখন খেলত গ’ল দিয়া ফুটবলাৰগৰাকীয়ে এতিয়াও বিচাৰি পোৱা নাই হৃদয়ৰ মানুহ।
Leave A Comment