• স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে কেন্দ্ৰৰ পৰা বিশেষ মেচৰ প্ৰস্তাৱ বিচিচিআইলৈ, অপেক্ষা ব’ৰ্ডৰ সেউজ সংকেতলৈ

    ক্ৰীড়া
    স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে কেন্দ্ৰৰ পৰা বিশেষ মেচৰ প্ৰস্তাৱ বিচিচিআইলৈ, অপেক্ষা ব’ৰ্ডৰ সেউজ সংকেতলৈ
    ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে চৰকাৰে ‘আজাদী কা অমৃত মহোৎসৱ’ উদযাপন কৰিছে। এইবাৰ এই পৰিকল্পনাৰ অংশ হ’বলৈ ওলাইছে ক্ৰিকেট। ২২ আগষ্টত ভাৰত বনাম বিশ্ব একাদশৰ এখন খেল অনুষ্ঠিত হোৱাটো বিচাৰিছে সংস্কৃতি মন্ত্ৰালয়ে। ইতিমধ্যে কেন্দ্রৰ প্রস্তাৱ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ড চমুকৈ বিচিচিআইৰ হাতত পৰিছে৷

    ২৪ জুলাইত ইংলেণ্ডত উপস্থিত হ’ব বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী আৰু ব’ৰ্ডৰ সম্পাদক জয় শ্বাহ। অংশ ল’ব আইচিচিৰ বাৰ্ষিক সন্মিলনত। এই সন্মিলনখন চলিব ২২-২৬ জুলাইলৈকে। ইয়াতেই সৌৰভ-জয়ে বিশ্বৰ সৰ্বোচ্চ ক্ৰিকেট শাসকীয় সংস্থাৰ সৈতে এই প্ৰস্তাৱৰ বিষয়ে আলোচনা কৰিব। কোৱা বাহুল্য যে, বিভিন্ন দেশৰ ক্ৰিকেটাৰক নিযুক্তি দি এই মেচখন আয়োজন কৰাটো এক কঠিন কাম হ’ব। বিচিচিআইয়ে আইচিচিৰ সৈতে এইবিষেয় আলোচনা কৰিব বুলিও ওলাইছে খবৰ।