• Commonwealth Games 2022: ২৪বছৰৰ মূৰত পুনৰ কমনৱেলথ গেমছত ক্ৰিকেট

    ক্ৰীড়া
    Commonwealth Games 2022: ২৪বছৰৰ মূৰত পুনৰ কমনৱেলথ গেমছত ক্ৰিকেট
    ডিজিটেল ডেস্কঃ হৰমনপ্ৰীত কৌৰ (Harmanpreet Kaur)ৰ নেতৃত্বত আগন্তুক কমনৱেলথ গেমছ (Commonwealth Games 2022) ২০২২ৰ বাবে মহিলা ক্ৰিকেট দল বাচনি কৰিছে বিচিচিআই (BCCI)-এ । ২৮ জুলাইৰ পৰা ৮ আগষ্টলৈ বাৰ্মিংহামত অনুষ্ঠিত হ’ব চলিত বৰ্ষৰ কমনৱেলথ গেমছ।

    ভাৰতৰ প্ৰমিলা বাহিনীৰ সহ অধিনায়ক হিচাপে নিৰ্বাচিত হৈছে দলটোৰ ষ্টাৰ অ’পেনাৰ স্মৃতি মান্ধানা (Smriti Mandhana)। ১৯৯৮ চনত কুৱালালামপুৰত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত শেষবাৰৰ বাবে ক্ৰিকেটক অন্তৰ্ভুক্ত কৰা হৈছিল। ২৪ বছৰৰ পাছত পুনৰ ক্ৰিকেটক অন্তৰ্ভুক্ত কৰা হৈছে কমনৱেলথ গেমছত। ’৯৮-ত আছিল পুৰুষৰ ক্ৰিকেট। এইবাৰ মহিলা ক্ৰিকেট। স্বাভাৱিকতে, ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ এনে পদক্ষেপে আপ্লুত কৰি তুলিছে ক্ৰীড়ানুৰাগীক।

    ভাৰতীয় দল: হৰমনপ্ৰীত কৌৰ, স্মৃতি মান্ধানা, শ্বেফালী বাৰ্মা, সভিনেনী মেঘনা, তানিয়া ভাটিয়া, যস্তিকা ভাটিয়া, দীপ্তি শৰ্মা, ৰাজেশ্বৰী গায়কোৱাদ, পূজা বস্ত্ৰকাৰ, মেঘনা সিং, ৰেণুকা ঠাকুৰ, জেমিমা ৰড্ৰিগেজ, ৰাধা যাদৱ, হৰনীল দেউল আৰু স্নেহ ৰানা।