ডিজিটেল ডেস্কঃ শুকুৰবাৰে বাৰ্মিংহামৰ এডগবাষ্টন ক্ৰিকেট খেলপথাৰত আৰম্ভ হ’ব পঞ্চমখন ভাৰত-ইংলেণ্ড টেষ্ট। ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে এডগবাষ্টনৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টো নিমিষতে হৈ পৰিছে ভাইৰেল।
ভিডিঅ’টোত দেখা গৈছে যে, কোহলীয়ে শুভমন গীলৰ সৈতে কান্ধত কিট বেগ লৈ খোজ কাঢ়িছে। ট্ৰেইনিং গ্ৰাউণ্ড এৰি দুয়ো ড্ৰেছিং ৰুমৰ ফালে খোজকাঢ়ি গৈ আছিল। কোহলী-গীলৰ পিছে পিছে গৈছিল এজন ফটোগ্ৰাফাৰ। কোহলীয়ে হঠাত কেমেৰাৰ ফালে ঘূৰি ক'লে, ‘কি হৈছে!’ কেমেৰামেনৰ সৈতে ‘কিং কোহলী’ৰ এই মধুৰ আচৰণে নেটিজেনৰ মন জয় কৰিছে।
মন কৰিবলগীয়া যে, কৰ’নাৰ বাবে বিগত ছিজনৰ একেবাৰে শেষ মুহূৰ্তত ইংলেণ্ডৰ বিৰুদ্ধে মানচেষ্টাৰ টেষ্ট বাতিল কৰা হৈছিল। ৫খন মেচৰ টেষ্ট শৃংখলাত বিৰাট কোহলীৰ নেতৃত্বত ভাৰতে ২-১ৰ ব্যৱধানত আগবাঢ়িৃ আছে। বিগত ছেপ্টেম্বৰ মাহত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ পঞ্চম আৰু অন্তিমখন টেষ্ট খেলখন মানচেষ্টাৰৰ ওল্ড ট্ৰেফৰ্ডত হৈছিল।
Leave A Comment