• আৰ্থিক সংকটত ক্ৰিকেটাৰ বিনোদ কাম্বলী, বিচাৰিছে নতুন কাম

    ক্ৰীড়া
    আৰ্থিক সংকটত ক্ৰিকেটাৰ বিনোদ কাম্বলী, বিচাৰিছে নতুন কাম

    Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;
    mso-hansi-theme-font:minor-latin;mso-bidi-font-family:Vrinda;mso-bidi-theme-font:
    minor-bidi">ডিজিটেল ডেস্ক: এসময়ৰ ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম এজন জনপ্ৰিয়
    ক্ৰিকেটাৰ আছিল বিনোদ কাম্বলী। শচীন তেণ্ডুলকাৰৰ সৈতে একেখন মেছৰ পৰাই আৰম্ভ
    কৰিছিল ক্ৰিকেট কেৰিয়াৰ। সেই সময়ছোৱাত কি নাছিল তেওঁৰ; নাম, যশ, ধনেৰে আছিল
    উভৈনদী। এটা সময়ত ক্ৰিকেটৰ কেৰিয়াৰ বাদ দিলেও কমেণ্টৰীৰ জৰিয়তে উপাৰ্জন কৰিছিল ধন।
    বিজ্ঞাপন আৰু ছবিতো অভিনয় কৰিছিল তেওঁ। 

    Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;
    mso-hansi-theme-font:minor-latin;mso-bidi-font-family:Vrinda;mso-bidi-theme-font:
    minor-bidi">পিছে এতিয়া তেওঁৰ উপাৰ্জন বুলিবলৈ কেৱল
    মাত্ৰ BCCIৰ পৰা পোৱা ৩০,০০০টকাহে আছেগৈ। এই ধনেৰে মুম্বাইৰ দৰে এখন ব্যয়বহুল চহৰত
    চলাতো খুবেই কঠিন। ক্ৰিকেটাৰগৰাকীৰ মুম্বাইত নিজা বাসগৃহ আছে যদিও সেই সামান্য
    টকাৰে ঘৰ চলাব পৰা নাই কাম্বলীয়ে। যাৰবাবে এতিয়া তেওঁ বিচাৰিছে কাম।



     



    Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;
    mso-hansi-theme-font:minor-latin;mso-bidi-font-family:Vrinda;mso-bidi-theme-font:
    minor-bidi">উল্লেখযোগ্য যে, ২০১৯ চনত এটা ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে কাম
    কৰিছিল কাম্বলীয়ে। তাৰপাছতে আহিছিল ক’ৰোনা মহামাৰী। স্তব্ধ হৈ পৰিছিল সমগ্ৰ বিশ্ব।
    বন্ধ হৈ পৰিছিল উপাৰ্জনৰ সকলো পথ। যাৰবাবে সকলো জমা টকা শেষ হৈ গৈছিল
    ক্ৰিকেটাৰগৰাকীৰ।



     



    Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;
    mso-hansi-theme-font:minor-latin;mso-bidi-font-family:Vrinda;mso-bidi-theme-font:
    minor-bidi">আনহাতে, কাম্বলীৰ বাল্যবন্ধু শচীন তেণ্ডুলকাৰে তেওঁৰ বৰ্তমানৰ অৱস্থাৰ
    কথা জানেনে বুলি সাংবাদিকে তেওঁক প্ৰশ্ন কৰাত তেওঁ কয়, “শচীনে মোৰ বৰ্তমানৰ
    অৱস্থাৰ কথা জানে। কিন্তু মই তেওঁৰ পৰা কোনো সহায় আশা নকৰো। কাৰণ ইতিমধ্যেই তেওঁ
    মোক বহুত সহায় কৰি থৈছে।“