• ৰহস্যজনকভাৱে মৃত্যুক সাৱটি ল’লে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ডেভিদ জনছনে, ভাৰতৰ হৈ টেষ্ট খেলিছিল জনছনে

    ক্ৰীড়া
    ৰহস্যজনকভাৱে মৃত্যুক সাৱটি ল’লে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ডেভিদ জনছনে, ভাৰতৰ হৈ টেষ্ট খেলিছিল জনছনে
    ডিজিটেল ডেস্কঃ প্ৰয়াত ডেভিদ জনছন। ভাৰতৰ হৈ টেষ্ট খেলা এই পেচাৰজন পঞ্চম মহলাৰ বেলকনিৰ পৰা সৰি পৰিল। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু চিকিৎসকে তাতেই তেওঁক মৃত ঘোষণা কৰে। 

    জনছনে কৰ্ণাটকৰ হৈ ঘৰুৱা ক্ৰিকেট খেলিছিল। বৃহস্পতিবাৰে বিয়লি জনছনৰ মৃত্যুৰ খবৰ পোৱা গৈছে। অনিল কুম্বলে ছচিয়েল মিডিয়াত পোষ্ট কৰে। তেওঁ এসময়ত কৰ্ণাটকৰ হৈও খেলিছিল। ভাৰতীয় দলত কুম্বলে আৰু জনছনে একেলগেও খেলিছিল। ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে কয়, ‘মোৰ সতীৰ্থ ডেভিদ জনছনৰ মৃত্যুত দুখী। তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ। সোনকালে গুচি গ’লে বেনি।”

    সূত্ৰ অনুসৰি জনছন দীৰ্ঘদিন ধৰি মানসিক সমস্যাত ভুগি আছিল। বহুতে ভাবে যে তেওঁ হয়তো আত্মহত্যা কৰিব। যদিও আন এটা সূত্ৰই দাবী কৰিছে যে বেলকনিৰ পৰা পৰি তেওঁৰ মৃত্যু হয়। জনছনৰ মৃত্যুৰ কাৰণ ৰহস্যৰ মাজত আৱৰি ধৰিছে। ঘটনাস্থলীলৈ যায় আৰক্ষী। তদন্ত আৰম্ভ হৈছে।

    জনছনৰ জন্ম হৈছিল ১৯৭১ চনত। ১৯৯৬ চনত তেওঁ ভাৰতৰ হৈ মাত্ৰ দুখন টেষ্ট খেলিছিল। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁ অভিষেক ঘটায়। কিন্তু তেওঁ দুখন মেচত তিনিটাতকৈ অধিক উইকেট ল’ব পৰা নাছিল। জনছনে আৰু দেশৰ হৈ খেলা নাছিল। তেওঁ আগতে ঘৰুৱা ক্ৰিকেটত কৰ্ণাটকৰ হৈ খেলিছিল।

    জনছনে প্ৰথম শ্ৰেণীৰ ৩৯খন খেল খেলিছিল। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ১২৫টা উইকেট দখল কৰে। তেওঁ এটা ইনিংছত ৫ বা তাতকৈ অধিক উইকেট ৮ বাৰ দখল কৰে। লিষ্ট এ ক্ৰিকেটত ৩৩খন মেচত ৪১টা উইকেট দখল কৰিছে জনছনে। অৱসৰৰ পিছত তেওঁ প্ৰশিক্ষকতা কৰিছিল।