• টি২০ বিশ্বকাপত উজ্বলিছে কুইণ্টন ডি ককঃ ফৰ্ম বেয়া চলি থাকোতে নদীত মাছ মাৰি থকাৰ সময়ত পাইছিল মনোবল!

    ক্ৰীড়া
    টি২০ বিশ্বকাপত উজ্বলিছে কুইণ্টন ডি ককঃ ফৰ্ম বেয়া চলি থাকোতে নদীত মাছ মাৰি থকাৰ সময়ত পাইছিল মনোবল!
    ডিজিটেল ডেস্কঃ কুইণ্টন ডি ককে ২০১৫ চনৰ এদিনীয়া বিশ্বকাপত ৰান কৰিব কৰা নাছিল। ৮খন মেচত গড়ে ২০ ৰান সংগ্ৰহ কৰিছিল। বাওঁহাতৰ অ’পেনাৰগৰাকীয়ে বিপদত পৰিছিল। পেচাৰ্ছৰ বিৰুদ্ধে খেলিবলৈ তেওঁ অসুবিধা পাইছিল। কিন্তু ১৫ কেজি ওজনৰ এটা মাছে ডি’কক পুনৰ ফৰ্মলৈ উভটি আহিবলৈ উদ্যত কৰালে। নদীত মাছ ধৰি থকাৰ সময়তে ডি’ককে নিজৰ আত্মা ঘূৰাই আনিছিল।

    দক্ষিণ আফ্ৰিকা এইবাৰৰ টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে। সেই দলটোৰ অ’পেনাৰ ডি’কক। টেষ্ট আৰু ৱান ডে ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছতো তেওঁ এতিয়াও টি-২০ত দেশৰ হৈ খেলি আছে। ডি ককৰ শৈশৱৰ প্ৰশিক্ষক জিঅ’ফ্ৰে ট্ৱানা। 

    তেওঁ কয়, ‘মই ডি’কক ২০০৬ চনৰ পৰাই চিনি পাওঁ। তেতিয়া সি স্কুলত পঢ়ি আছিল। স্কুল ক্ৰিকেটত নাম উজলাইছে। সকলোৱে ডি’ককৰ কথা ক’বলৈ লয়। ১৬ বছৰ বয়সত তেওঁ সকলো মেচতে শতক কৰিছিল। কিন্তু সেই ডিককেও বেয়া সময়ৰ মাজেৰে পাৰ হৈ আহিছে৷’’

    ২০১৫ চনৰ বিশ্বকাপ শেষ হোৱাৰ পিছতে বিধ্বস্ত হৈ পৰিছিল ডি কক। তাৰপাছতে তেওঁ আফ্ৰিকাৰ চতুৰ্থ বৃহত্তম নদীত মাছ ধৰিবলৈ গৈছিল। তাত ধৰা পৰিল ১৫ কেজি ওজনৰ এটা টাইগাৰ মাছ। সেই ঘটনাৰ পিছত ডি ককে নিজৰ মানসিক শক্তি ঘূৰাই পালে। 

    তেওঁৰ প্ৰশিক্ষকে কয়, ‘মাছ ধৰাতকৈ মিচেল জনছনৰ বাউন্সাৰ খেল অধিক কঠিন। কিন্তু ইমান ডাঙৰ মাছ ধৰিবলৈ ঘাম পেলাব লাগে। ডিকক এজন ভাল ক্ৰিকেটাৰ। কেতিয়াবা বিফলতাও আহে। কিন্তু তাৰ পৰা ওলাই আহিব জানে। তেওঁ সোনকালে শিকিব পাৰে। জীৱনৰ বিভিন্ন পৰিঘটনাৰ পৰা তেওঁ শিকে।"

    এই টি-২০ বিশ্বকাপত ডি’ককে ৮খন মেচত ২০৪ ৰান সংগ্ৰহ কৰিছে। তেওঁ দুটা পঞ্চাশ ৰান কৰে।