• ক্ৰিকেট এৰি এইবাৰ জেভেলিন থ্ৰ’'! নতুন ৰূপত দেখা গ’ল দীনেশ কাৰ্তিকক

    ক্ৰীড়া
    ক্ৰিকেট এৰি এইবাৰ জেভেলিন থ্ৰ’'! নতুন ৰূপত দেখা গ’ল দীনেশ কাৰ্তিকক
    ডিজিটেল ডেস্কঃ ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ হৈ এইবাৰ আই পি এল খেলাৰ পৰা অৱসৰ ল’লে দীনেশ কাৰ্তিক। আগন্তুক টি-২০ বিশ্বকাপত কমেণ্টেটৰ হিচাপে দেখা যাব প্ৰাক্তন উইকেটকীপাৰ-বেটছমেনগৰাকীক। সম্প্ৰতি কাৰ্তিক আন এখন খেলৰ প্ৰস্তুতিত ব্যস্ত।

    নতুন প্ৰস্তুতিত কাৰ্তিকৰ সহযোগী হৈছে নীৰজ চোপ্ৰা। শেহতীয়াকৈ টকিঅ’ অলিম্পিকত সোণ বিজয়ী জেভেলিন নিক্ষেপকাৰীগৰাকীৰ সৈতে অনুশীলন কৰা দেখা গৈছিল প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক। কাৰ্তিকে নীৰজৰ পৰামৰ্শত ভালকৈ জেভেলিন দলিয়ালে। বিশ্ব চেম্পিয়ন খেলুৱৈগৰাকীয়েও তেওঁৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কাৰ্তিকে জেভলিন নিক্ষেপ কৰাৰ ভিডিঅ’।

    পেৰিছ অলিম্পিকত স্থান লাভ কৰাৰ কোনো লক্ষ্য নাই কাৰ্তিকৰ। অৱশ্যে আগন্তুক অলিম্পিক উপলক্ষে তেওঁ টেলিভিছনত এক অনুষ্ঠান পৰিচালনা কৰিব। শ্ব’টোৰ নাম হৈছে ‘গেট চেট গোল্ড’। পেৰিছত পদক লাভ কৰাৰ সম্ভাৱনা থকা ভাৰতীয় খেলুৱৈসকলৰ প্ৰস্তুতিৰ ওপৰত আলোকপাত কৰিব কাৰ্তিকে। সেই অনুষ্ঠানৰ প্ৰস্তুতিৰ বাবে তেওঁ নীৰজৰ লগত অনুশীলন কৰিছিল।

    'গেট ছেট গোল্ড' আয়োজন কৰি উৎফুল্লিত কাৰ্তিক। তেওঁ কয়, ‘সকলো মহান খেলুৱৈৰ সৈতে কাম কৰাৰ সুযোগ পাই মই সন্মানিত হৈছো। অতি প্ৰেৰণাদায়ক অভিজ্ঞতা হ’বলৈ গৈ আছে। পৃথিৱীৰ সৰ্বোচ্চ মঞ্চত সফলতা লাভ কৰিবলৈ কেনেধৰণৰ ত্যাগ আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন সেয়া জানিবলৈ সুযোগ পাম।’!’