• বিশ্বকাপৰ ভাৰতীয় দলত স্থান লাভ নকৰাত ক্ষোভ! টি২০ বিশ্বকাপৰ খেলেই নাচায় ৰিয়ান পৰাগে

    ক্ৰীড়া
    বিশ্বকাপৰ ভাৰতীয় দলত স্থান লাভ নকৰাত ক্ষোভ! টি২০ বিশ্বকাপৰ খেলেই নাচায় ৰিয়ান পৰাগে
    ডিজিটেল ডেস্কঃ আৰম্ভ হৈছে টি২০ বিশ্বকাপ ২০২৪ৰ মহাযুদ্ধ। প্ৰস্তুতিমূলক খেলখনত বাংলাদেশক পৰাস্ত কৰে টিম ইণ্ডিয়াই। টি২০ বিশ্বকাপ ২০২৪ত ভাৰতেও কেইবাখনো খেল খেলিব। ৯ জুনত ভাৰতে পাকিস্তানৰ মুখামুখী হ’ব। টি২০ বিশ্বকাপৰ খেল চাবলৈ দেশবাসী উদগ্ৰীৱ হৈ থকাৰ সময়তে  ব্যতিক্ৰম  দেখা গৈছে  এগৰাকী ক্ৰিকেট তাৰকাৰ ক্ষেত্ৰত । তেওঁ অসমৰ ৰিয়ান পৰাগ। আই পি এলত ভাল ফৰ্মত থকাৰ পিছতো বিশ্বকাপৰ দলত স্থান লাভ নকৰিলে ৰিয়ানে। ফলত ভিতৰি ভিতৰি ক্ষোভিত হৈ পৰিছে ৰিয়ান। ৰিয়ানে  ৰাজস্থান ৰয়েলছৰহৈ বৰ ভাল খেলিছিল। সদ্য সমাপ্ত আই পি এলত তেওঁ ১৫খন খেলত ৫৭৩ ৰান সংগ্ৰহ কৰে। ২৩ বছৰীয়া ক্ৰিকেটাৰগৰাকী অৱশ্যে শেহতীয়াকৈ এক বিতৰ্কত জড়িত হৈ  পৰিছে। কিছুদিন পূৰ্বে ইউটিউবত ৰিয়ানে বলীউডৰ  তাৰকা অনন্যা পাণ্ডে, চাৰা আলী খানৰ ‘হট’ চাৰ্চ কৰা বুলি কথা ওলাইছিল। এইবাৰ তেওঁ কৈছে  যে তেওঁ বিশ্বকাপৰ খেল  চাব  নিবিচাৰে।



    এটা সাক্ষাৎকাৰত তেওঁক সোধা হৈছিল, কোন চাৰিটা দলে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিব পাৰে । উত্তৰত ৰিয়ানে  কয়, “হয়তো মই উত্তৰ দিলে  পক্ষপাতদুষ্ট কৰা হ’ব । কিন্তু সঁচা কথা ক’বলৈ গ’লে মই বিশ্বকাপ চাব নিবিচাৰো। শেষত কোনে বিশ্বকাপ হস্তগত কৰে সেয়া জানিলেই হৈ যাব। । সেয়াই  মোৰ শান্তি। মই যেতিয়া বিশ্বকাপৰ দলত থাকিম তেতিয়া এইবোৰ কথা ভাবিম। চাওঁ কোনে ছেমি ফাইনেলত স্থান লাভ কৰে!”


    পূৰ্বৰ আই পি এলত ৰিয়ানে নিজৰ মিলাব পৰা নাছিল। কিন্তু এইবাৰ তেওঁৰ ভাল ফৰ্মৰ বাবে তেওঁ ৰাষ্ট্ৰীয় দলত যোগদানৰ সুযোগ পালে। সেই বিষয়ে আত্মবিশ্বাসী অসমৰ ক্ৰিকেটাৰগৰাকী নিজেই। কিছুদিন পূৰ্বে তেওঁ কৈছিল, "মই দলত অন্তৰ্ভুক্ত হ'ব লাগিব।" মোৰ বিশ্বাস, মই এদিন দেশৰ হৈ খেলিম। কেতিয়া ফোন কৰিব মই একো চিন্তা নকৰো।" এইবাৰ পৰাগে ৰোহিতৰ বিশ্বকাপ অভিযানক লৈ এটা ডাঙৰ মন্তব্য।