• টি২০ বিশ্বকাপঃ এয়া কি? পাপুৱা নিউ গিনি আৰু ৱেষ্ট ইণ্ডিজৰ হৈ খেলিলে হাৰ্দিক পাণ্ডিয়াই!

    ক্ৰীড়া
    টি২০ বিশ্বকাপঃ এয়া কি? পাপুৱা নিউ গিনি আৰু ৱেষ্ট ইণ্ডিজৰ হৈ খেলিলে হাৰ্দিক পাণ্ডিয়াই!
    ডিজিটেল ডেস্কঃ ভাৰতীয় দলে খেোৰ আগতেই খেলপথাৰত হাৰ্দিক পাণ্ডিয়া! এই অদ্ভুত ঘটনাটো দেখা গ’ল ৱেষ্ট ইণ্ডিজ আৰু পাপুয়া নিউগিনিৰ মাজত টি-২০ বিশ্বকাপৰ খেলখনত।

    ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এখন ছবি। এইটো হৈছে ৱেষ্ট ইণ্ডিজ বনাম পাপুয়া নিউ গিনিৰ মেচৰ স্ক’ৰব’ৰ্ড। বিশ্বকাপৰ ডিজিটেল সম্প্ৰচাৰৰ দায়িত্বত থকা হটষ্টাৰে দেখুৱাইছে স্ক’ৰব’ৰ্ড। মুঠ পাঁচজন ক্ৰিকেটাৰৰ নাম। ৱেষ্ট ইণ্ডিজৰ ৰষ্টন চেজ, ব্ৰেণ্ডন কিং আৰু আন্দ্ৰে ৰাছেল আৰু পাপুয়া নিউগিনিৰ চেছা বুয়া আৰু আছাদ ভালা। কিন্তু পাঁচোজনৰে নামৰ কাষত হাৰ্দিকৰ ছবি।

    এনে লাগে যেন কাৰিকৰী বিজুতি। ক্ৰিকেটাৰসকলৰ নাম বেলেগ হ’লেও তেওঁলোকৰ ছবি দেখুৱাওঁতে হাৰ্দিকৰ ছবিখন কেনেবাকৈ স্থাপন কৰা হৈছে। সম্প্ৰচাৰ চেনেলৰ ভুলৰ বাবে এই কাণ্ড হৈছে।

    বিশ্বকাপত আয়োজক দেশ ৱেষ্ট ইণ্ডিজে প্ৰথমখন খেলত জয়লাভ কৰে। প্ৰথমে বেটিং কৰি পাপুয়া নিউগিনিয়ে ৮ উইকেট হেৰুৱাই ১৩৬ ৰান সংগ্ৰহ কৰে। ৱেষ্ট ইণ্ডিজে ৬টা বল বাকী থকা অৱস্থাত ৫ উইকেটত জয়লাভ কৰে যদিও ৰান খেদিবলৈ কিছু সমস্যাৰ সন্মুখীন হয়।