ডিজিটেল ডেস্ক: মহিলা ক্ৰিকেট বিশ্বৰ কিংবদন্তী তাৰকা ভাৰতীয় ক্ৰিকেটাৰ ঝুলন গোস্বামীয়ে ইংলেণ্ডৰ বিৰুদ্ধে আগন্তুক শৃংখলাৰ পাছতে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰৰ সামৰণি পেলাব। শেহতীয়াকৈ বিচিচিআইৰ এক সূত্ৰই এই বিষয়ে প্ৰকাশ কৰাৰ পিছত এতিয়া ভাৰতীয় দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে ঝুলন গোস্বামীৰ অৱসৰৰ সিদ্ধান্তৰ কথা নিশ্চিত কৰিছে। কিংবদন্তী পেচাৰ গৰাকীৰ অৱসৰৰ বাতৰি নিশ্চিত কৰি হৰমনপ্ৰীত কৌৰে ভৱিষ্যতে কোনেও ঝুলন গোস্বামীৰ ঠাই পূৰণ কৰিব নোৱাৰে বুলি মন্তব্য কৰে। দুটা দশকতকৈও অধিক সময়ৰ কেৰিয়াৰত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক উইকেট দখলকাৰী ৩৯ বৰ্ষীয় ঝুলন গোস্বামীয়ে ২৪ ছেপ্টেম্বৰত লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ অন্তিম এদিনীয়াৰ পিছতে অৱসৰ ল'বলৈ সাজু হৈছে।
ইংলেণ্ড ভ্ৰমণৰ প্ৰাকমুহূৰ্তত বাংগালুৰুত এক সংবাদ মেলত অধিনায়ক হৰমনপ্ৰীতে কয় যে প্ৰতিখন খেলতে ঝুলন গোস্বামীয়ে যি প্ৰদৰ্শন তথা উৎসাহ প্ৰদৰ্শন কৰে সেয়া অতুলনীয়। ঝুলন গোস্বামীৰ নেতৃত্বতে ২০০৯ চনৰ বিশ্বকাপত ভাৰতৰ হৈ অভিষেক ঘটোৱা হৰমনপ্ৰীতে দীৰ্ঘসময় ধৰি তাৰকা পেচাৰগৰাকীৰ সংগ লাভ কৰিছিল। এই স্মৃতি সুঁৱৰি কৌৰে কয়, "যেতিয়া মই অভিষেক ঘটাইছিলো, তেতিয়া ঝুলন গোস্বামী ভাৰতীয় অধিনায়ক আছিল। এয়া মোৰ বাবে এক বিশেষ সৌভাগ্য যে এতিয়া তেওঁৰ অন্তিম এদিনীয়াখনত মই দলৰ নেতৃত্ব দিম। তেওঁৰ পৰা মই বহুখিনি শিকিব পাৰিছো। ভৱিষ্যতে কোনেও ঝুলন গোস্বামীৰ ঠাই পূৰ কৰিব নোৱাৰে।”
উল্লেখ্য যে মহিলা ক্ৰিকেটৰ ইতিহাসত সৰ্বকালৰ এগৰাকী শ্ৰেষ্ঠ বেগী বলাৰ তথা কেথ্ৰিন ফিটজপেট্ৰিকৰ অৱসৰৰ পিছত দ্ৰুততম বলাৰ হিচাপে পৰিগণিত গোস্বামীয়ে ইতিপূৰ্বে ২০১৮ চনৰ আগষ্টত টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল। চলিত বৰ্ষৰ মাৰ্চত অনুষ্ঠিত হোৱা মহিলা বিশ্বকাপৰ পাছৰ পৰাই মহিলা বিশ্বকাপৰ পাছৰ পৰাই ভাৰতীয় দলৰ বাহিৰত আছে গোস্বামী। শ্ৰীলংকাৰ বিৰুদ্ধে শেহতীয়া এদিনীয়া শৃংখলাত তেওঁক বিশ্ৰাম দিয়া হৈছিল।
২০০২ চনৰ ৬ জানুৱাৰীত চেন্নাইত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ হৈ অভিষেক ঘটোৱাৰ পিছত নিজৰ ২০ বছৰীয়া ক্ৰিকেট কেৰিয়াৰত ঝুলন গোস্বামী মহিলা ক্ৰিকেট ইতিহাসৰ সৰ্বাধিক উইকেট সংগ্ৰহকাৰী বলাৰ হিচাপে পৰিগণিত হৈছে। তিনিওটা ফৰ্মেটত বৰ্তমানলৈকে ৩৫২ টা উইকেট দখল কৰিছে কিংবদন্তী বলাৰগৰাকীয়ে।
কেৰিয়াৰৰ ১২ খন টেষ্ট, ১৯৯ খন এদিনীয়া আৰু ৬৮ খন টি-২০ ত ঝুলন গোস্বামীৰ নামত আছে ক্ৰমে ৪৪, ২৫০ আৰু ৫৬ টা উইকেট। তদুপৰি নিম্নক্ৰমত এগৰাকী বেটাৰ হিচাপেও তাৰকাগৰাকীয়ে টেষ্টত দুটা অৰ্ধশতকসহ ২৯১, এদিনীয়াত এটা অৰ্ধশতকসহ ১,২২৬ আৰু টি-২০ ত ৪০৫ ৰান সংগ্ৰহ কৰিছে।
উল্লেখ্য যে ২০১৭ চনৰ মে’ মাহত কেথ্ৰিন ফিটজপেট্ৰিকৰ নামত থকা সৰ্বাধিক এদিনীয়া উইকেট (১৮০) ৰ ৰেকৰ্ড ভংগ কৰি এদিনীয়াত এক নতুন অভিলেখ স্থাপন কৰিছিল। তাৰ পিছতে ২০১৮ চনৰ ৭ ফেব্ৰুৱাৰীত এদিনীয়াত ২০০ টা উইকেট দখল কৰা বিশ্বৰ প্ৰথম গৰাকী মহিলা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছিল গোস্বামী। বিগত বিশ্বকাপত ঝুলনে আন এক ঈৰ্ষণীয় সাফল্যৰে এদিনীয়াত স্পৰ্শ কৰিছিল ২৫০ টা উইকেটৰ মাইলষ্ট’ন।
এই দীঘলীয়া কেৰিয়াৰত চাৰিখনকৈ বিশ্বকাপতো ভাৰতক প্ৰতিনিধিত্ব কৰা তাৰকাগৰাকীয়ে ভাৰতীয় দলটোৰ অধিনায়কৰ দায়িত্বও বহন কৰিছিল। ২০০৭ চনত আই চি চি- ৰ বৰ্ষশ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰৰ সন্মান লাভ কৰা গোস্বামীক ২০১০ চনত অৰ্জুন সন্মান আৰু ২০১২ চনত পদ্মশ্ৰীৰে সন্মানিত কৰে ভাৰত চৰকাৰে।
Leave A Comment