• কোহলীৰ পৰা ২০ মিনিট সময় বিচাৰিছে ছানীয়ে, লিটল মাষ্টাৰৰ আহ্বানত হতবাক ক্ৰীড়াপ্ৰেমী

    ক্ৰীড়া
    কোহলীৰ পৰা ২০ মিনিট সময় বিচাৰিছে ছানীয়ে, লিটল মাষ্টাৰৰ আহ্বানত হতবাক ক্ৰীড়াপ্ৰেমী
    ডিজিটেল ডেস্কঃ ছন্দহীন বিৰাট কোহলীৰ পৰা মাত্ৰ ২০ মিনিট সময় বিচাৰিলে সুনীল গাভাস্কাৰে। তিনি বছৰ পাৰ হ’ল৷ টেষ্ট আৰু এদিনীয়া ফৰ্মেটত চিনাকি ছন্দত দেখিবলৈ পোৱা নাই ৰান মেছিনক। বেটৰ সৈতে বলৰ দুৰন্ত ছন্দ হেৰুৱাইছে কোহলীয়ে। বিগত ডেৰটা বছৰত অফ ষ্টাম্পৰ বাহিৰত এবাৰতকৈ অধিক বল মাৰি পঠিওৱাৰ পাছত পেভেলিয়নমুখী হৈছে বিৰাট। বাৰে বাৰে ছেট হ’বলৈ লোৱাৰ ক্ষণিক পাছতে উইকেট হেৰুৱাইছে কোহলীয়ে। শেহতীয়া ফৰ্মৰ বাবে অহৰহ সমালোচনাৰ সন্মু‌খীন হৈছে কোহলীয়ে। সেয়েহে বিৰাটক তেওঁৰ পুৰণি আক্ৰমণাত্মক ছন্দত চাবলৈ উপদেশ দিব বিচাৰিছে ‘লিটল মাষ্টাৰে’।

    কিংবদন্তী ছানীয়ে কয়, ‘যদি মই তেওঁৰ লগত মাত্ৰ ২০ মিনিট সময় কটাব পাৰো, তেন্তে মই কিছু পৰামৰ্শ দিম। যিখিনি মানি চলিলে উপকৃত হ’ব কোহলী। মোৰ পৰামৰ্শই বিৰাটক সহায় কৰিব নে নাই সেয়া কোৱা সম্ভৱ নহয়। কিন্তু অফ ষ্টাম্পৰ বল কেনেকৈ খেলিব লাগে তাক লৈ পোষ্টমৰ্টেম হ’ব পাৰে।’

    গাভাস্কাৰে লগতে কয়, ‘মই আগতে নিজেই ইনিংছ মুকলি কৰিছিলো। অফ ষ্টাম্পৰ বাহিৰত বল কেনেকৈ খেলিব লাগে আৰু সেই ডেলিভাৰীবোৰ খেলি থাকোঁতে কি কি সমস্যাৰ সৃষ্টি হয় সেয়া মই ভালদৰে জানো। সেই বিষয়ে মই বিৰাটৰ লগত কথা পাতিব বিচাৰো। যদি আমি মাত্ৰ ২০ মিনিট সময় পাওঁ তেতিয়া এই বিষয়টোৰ ওপৰত আলোচনা হ’ব পাৰে।’