• ক্ৰিকেট বিশ্বকাপঃ মেছি, এমবাপেক পৰাস্ত কৰিলে বিৰাট, ব’ল্টে! ফুটবল বিশ্বকাপৰ ফাইনেলক তক্কৰ ভাৰত-নিউজিলেণ্ডৰ মেচৰ, কেনেকৈ?

    ক্ৰীড়া
    ক্ৰিকেট বিশ্বকাপঃ মেছি, এমবাপেক পৰাস্ত কৰিলে বিৰাট, ব’ল্টে! ফুটবল বিশ্বকাপৰ ফাইনেলক তক্কৰ ভাৰত-নিউজিলেণ্ডৰ মেচৰ, কেনেকৈ?
    ডিজিটেল ডেস্কঃ ক্ৰিকেট বিশ্বকাপৰ ভাৰত বনাম নিউজিলেণ্ডৰ খেলখনে ফুটবল বিশ্বকাপৰ ফাইনেলক উধাই যায়। বিৰাট কোহলী, ৰোহিত শৰ্মাই লিয়নেল মেছি, কাইলিয়ান এমবাপেক পৰাস্ত কৰে। চলিত বিশ্বকাপত ডিজিটেল মাধ্যমৰ জৰিয়তে ভাৰত-নিউজিলেণ্ডৰ খেলখন চোৱা দৰ্শকৰ সংখ্যাই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে।

    ডিজনী প্লাছ হটষ্টাৰত ডিজিটেল মাধ্যমেৰে সম্প্ৰচাৰ কৰা হৈছে ক্ৰিকেট বিশ্বকাপ। দেওবাৰে হটষ্টাৰত ভাৰত-নিউজিলেণ্ডৰ খেলখন চালে ৪ কোটি ৩০ লাখ দৰ্শকে, যিটো এতিয়ালৈকে সৰ্বাধিক। ২০২২ চনত ১৮ ডিচেম্বৰত ফুটবল বিশ্বকাপৰ ফাইনেল আছিল। ফ্ৰান্সে আৰ্জেণ্টিনাৰ বিৰুদ্ধে খেলিছিল। জিঅ’ চিনেমাছত এই প্ৰতিযোগিতাখন টেলিকাষ্ট কৰা হৈছিল। মেছি-ম্বাপেৰ ফাইনেলত ৩ কোটি ২০ লাখ দৰ্শকে চাইছিল। 

    ইয়াৰ পূৰ্বে ভাৰত-পাকিস্তানৰ মেচখনেও ফুটবল বিশ্বকাপৰ ফাইনেলত ছাঁ পেলাইছিল। হটষ্টাৰত ভাৰত-পাকিস্তানৰ খেলখন চালে ৩ কোটি ৫০ লাখ দৰ্শকে। ভাৰত-নিউজিলেণ্ডৰ খেলখনে সেই সকলোবোৰ অভিলেখ অতিক্ৰম কৰিলে।