ডিজিটেল ডেস্ক: ভ্ৰমণকাৰী দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ অন্তিম মেচত পৰাজয়ৰ লগে লগে আজি ক্লীন চুইপৰ আশা ভংগ হৈছে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলৰ। প্ৰথম দুখন মেচত সহজ জয়েৰে শৃংখলা নিশ্চিত কৰাৰ পিছত আজি ইন্দোৰৰ হোলকাৰ ক্ৰিকেট ষ্টেডিয়ামত তৃতীয় আৰু অন্তিম মেচত জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰেই ঘৰুৱা দলটো অৱতীৰ্ণ হয় যদিও দক্ষিণ আফ্ৰিকাৰ অলৰাউণ্ড প্ৰদৰ্শনৰ ফলশ্ৰুতিত ৪৯ ৰানৰ ব্যৱধানত পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হয়। দক্ষিণ আফ্ৰিকাৰ এই জয়ৰ মূলতে আছিল দলৰ তাৰকা বেটাৰ ৰিলী ৰ’ছ’ৰ দুৰ্দান্ত বেটিং। ভাৰতীয় বলিং আক্ৰমণক দিশহাৰা কৰি নিৰ্দয় প্ৰহাৰেৰে এক বিস্ফোৰক শতকীয় ইনিংছৰ সহায়ত আজি অন্তিম মেচত দক্ষিণ আফ্ৰিকাক সান্তনাসূচক জয় প্ৰদান কৰে ৰ’ছ’ৱে।
ইতিপূৰ্বেই শৃংখলা দখল কৰাৰ বাবে আজি ভাৰতীয় দলত তিনিটাকৈ সালসলনি ঘটোৱা হয়। শৃংখলাৰ প্ৰথম দুয়োখন মেচতে অৰ্ধশতক অৰ্জন কৰা অপেনাৰ লোকেশ ৰাহুল, বিৰাট কোহলী আৰু অৰ্শদ্বীপ সিঙৰ পৰিৱৰ্তে আজি মেচখনত সুযোগ দিয়া হয় বেঞ্চত থকা শ্ৰেয়স আয়াৰ, মহম্মদ চিৰাজ আৰু উমেশ যাদৱক। টছত জয়ী হৈ ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই দক্ষিণ আফ্ৰিকাক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। ইনিংছ আৰম্ভ কৰিয়ে অপেনাৰ ডি ক’কে প্ৰথমৰ পৰাই ভাৰতীয় বলিং আক্ৰমণৰ বিৰুদ্ধে বিধ্বংসী ৰূপ ধাৰণ কৰে।
অৱশ্যে ক’কে আক্ৰমণাত্মক শৈলীৰে ইনিংছ আগবঢ়াই নিলেও পুনৰ এবাৰ ব্যৰ্থ হয় অধিনায়ক তথা আনগৰাকী অপেনাৰ বাভুমা। প্ৰথম দুয়োখন মেচতে কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে আউট হোৱা বাভুমাই আজিও মাত্ৰ ৩ ৰানতে উমেশ যাদৱৰ চিকাৰ হয়। ৩০ ৰানত প্ৰথমটো উইকেটৰ পতনৰ পিছত ক্ৰীজলৈ অহা ৰিলী ৰ’ছ’ৱে ক’কৰ সৈতে লগ লাগি ভাৰতীয় দলৰ বলিং লাইন আপৰ অৱস্থা তথৈবচ কৰি তোলে। দুৰন্ত বেটিঙেৰে দুয়ো ছয়-চাৰিৰ সমাহাৰেৰে মাত্ৰ ১২ অভাৰতে দলৰ স্ক’ৰ ১২০ ত উপনীত কৰায়।
ইনিংছৰ ত্ৰয়োদশ অভাৰৰ প্ৰথমটো বলত ৰান আউট হোৱা ক’কে ৪৩ টা বলত ৬ টা চাৰি আৰু ৪ টা ছয়েৰে ৬৮ ৰান সংগ্ৰহ কৰে। ক’কৰ পিছত ক্ৰীজলৈ অহা ট্ৰিষ্টান ষ্টাব্চেও ২৩ ৰানৰ অৱদান আগবঢ়ায়। আনহাতে দক্ষিণ আফ্ৰিকাৰ ইনিংছত আটাইতকৈ বিধ্বংসী হৈ পৰা ৰ’ছ’ৱে মাত্ৰ ৪৮ টা বলত ৭ টা চাৰি আৰু ৮ টা ছয়েৰে ১০০ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে। ইফালে দ্বিতীয়খন মেচত শতক অৰ্জনকাৰী ডেভিদ মিলাৰেও শেষলৈ বিস্ফোৰক বেটিঙেৰে মাত্ৰ ৫ টা বলত তিনিটা ছয়েৰে ১৯ ৰানত অপৰাজিত থাকে। শেষৰ অভাৰত মিলাৰে দীপক চাহাৰৰ বলত একেলেথাৰিয়ে ছয় তিনিটা কোবাই দলীয় স্ক’ৰ ২২৭ ত উপনীত কৰায়।
ইফালে ২২৮ ৰানৰ বৃহৎ লক্ষ্য সন্মুখত লৈ ইনিংছ আৰম্ভ কৰিয়ে বিপদত পৰে ভাৰত। দলীয় স্ক’ৰবৰ্ডত কোনো ৰান সংযোগ নহওঁতেই ইনিংছৰ দ্বিতীয়টো বলতে ৰাবাডাৰ চিকাৰ হয় অধিনায়ক ৰোহিত শৰ্মা। আনহাতে কোহলীৰ স্থানত দলত অন্তৰ্ভুক্ত হোৱা আয়াৰো বেছি সময় ক্ৰীজত নিটিকিল। এক ৰান কৰিয়ে আয়াৰ দ্বিতীয় অভাৰতে পেভিলিয়নলৈ উভতে। ইফালে ৰাহুলৰ স্থানত ইনিংছ আৰম্ভ কৰিবলৈ সুযোগ পোৱা পণ্টে আক্ৰমণাত্মক শৈলীৰে ইনিংছ আগবঢ়াই নিয়াৰ চেষ্টা চলায় যদিও দলীয় স্ক’ৰ ৪৫ ত পণ্টৰ উইকেটো হেৰুৱায় ভাৰতে। পণ্টে ১৪ বলত ২৭ ৰান সংগ্ৰহ কৰে।
প্ৰথম দুখন মেচত ভাৰতৰ অন্যতম জয়ৰ নায়ক সূৰ্যকুমাৰ যাদৱৰ পৰিৱৰ্তে আজি বেটিং ক্ৰমৰ ওপৰলৈ স্থান পোৱা দীনেশ কাৰ্তিকেও পণ্টৰ দৰেই একে শৈলীৰে দক্ষিণ আফ্ৰিকাৰ বলাৰক আক্ৰমণৰ লক্ষ্য কৰি লয়। কিন্তু কৌশলী শ্বটেৰে ৰান সংগ্ৰহৰ প্ৰচেষ্টাত নিজৰ উইকেট হেৰুৱায় কাৰ্তিকে। অভিজ্ঞ তাৰকাগৰাকীয়ে দলৰ হৈ সৰ্বাধিক ৪৬ ৰান সংগ্ৰহ কৰে। ২১ বলৰ এই ইনিংছটোত কাৰ্তিকে ৪ টাকৈ ছয় আৰু চাৰি কোবায়। অৱশ্যে আজিৰ মেচত ব্যৰ্থ হয় তাৰকা বেটাৰ সূৰ্যকুমাৰ যাদৱ। যাদৱে মাত্ৰ ৮ ৰান কৰিয়ে ক্ৰীজলৈ উভতে।
ব্যৰ্থ হয় অক্সৰ পেটেল (৯) আৰু অশ্বিন (২)। টেইল এণ্ডাৰবেটাৰ হৰ্ষল পেটেলে ১৭, দীপক চাহাৰে ৩১ আৰু উমেশ যাদৱে ২০ ৰান সংগ্ৰহ কৰে। দক্ষিণ আফ্ৰিকান বলাৰৰ সন্মিলিত আক্ৰমণত ভাৰতে ১৭৮ ৰানত সকলো উইকেট হেৰুৱায়। দুৰন্ত প্ৰদৰ্শন দাঙি ধৰা ৰিলী ৰ’ছ’ৱে মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান অৰ্জন কৰে। আনহাতে শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয় সূৰ্যকুমাৰ যাদৱ।
আজি শৃংখলাটোৰ সামৰণিৰ পিছত অহা ৬ অক্টোবৰৰ পৰা দুয়োটা দলে তিনিখনীয়া এদিনীয়া শৃংখলাত ভাগ ল’ব। উল্লেখ্য যে এই শৃংখলাটোত অধিনায়ক ৰোহিত শৰ্মাৰ লগতে কেইবাগৰাকীও নিয়মীয়া খেলুৱৈক বিশ্ৰাম দিয়া হৈছে। দলটোৰ অধিনায়কৰ দায়িত্বত থাকিব অপেনাৰ শিখৰ ধাৱান।
Leave A Comment