• সুখবৰ! সুস্থ হৈ উঠিছে ৰাহুল দ্ৰাবিড়: শীঘ্ৰেই যোগ দিব ভাৰতীয় দলৰ শিবিৰত

    ক্ৰীড়া
    সুখবৰ! সুস্থ হৈ উঠিছে ৰাহুল দ্ৰাবিড়: শীঘ্ৰেই যোগ দিব ভাৰতীয় দলৰ শিবিৰত
    ডিজিটেল ডেস্ক: আজি ডুবাইৰ ইণ্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়ামত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈ এছিয়া কাপ অভিযান আৰম্ভ কৰিব ভাৰতীয় ক্ৰিকেট দলে। এই হাইভল্টেজ মেচখনৰ বাবে মহা উৎকণ্ঠাৰে অপেক্ষা কৰি আছে বিশ্বৰ অগণন ক্ৰীড়াপ্ৰেমীয়ে। মেচখনত অৱতীৰ্ণ হোৱাৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ বাবে আহিছে এক আশাব্যঞ্জক খবৰ। ক’ভিডৰ বাবে ভাৰতীয় দলৰ সৈতে ডুবাই ভ্ৰমণ কৰিব নোৱাৰা মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আজি ক'ভিড সংক্ৰমণৰ পৰা মুক্ত হৈছে আৰু আজি বহু প্ৰতীক্ষিত মেচখনৰ পূৰ্বে ভাৰতীয় দলত যোগদান কৰিবলৈ সাজু হৈছে। 

    আজি দ্ৰাবিড়ে পুনৰ ক’ভিড পৰীক্ষা কৰাৰ পিছত ক’ভিডৰ পৰা আৰোগ্য হোৱা বুলি নিশ্চিত হয় আৰু তেওঁ তাৎক্ষণিকভাৱে ভাৰতীয় দলৰ সৈতে যোগ দিয়াৰ উদ্দেশ্যে ডুবাইলৈ ৰাওনা হ’ব বুলি বিচিচিআইৰ এক সূত্ৰই প্ৰকাশ কৰিছে।  উল্লেখ্য যে ২৩ আগষ্টত ক’ভিডত আক্ৰান্ত হোৱাৰ বাবে দ্ৰাবিড় ভাৰতীয় দলৰ সৈতে ডুবাইলৈ যাব পৰা নাছিল। তাৰ পিছতে হোম আইচ’লেশ্যনত আছিল ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৰাকী। 

    আনহাতে দ্ৰাবিড় ক’ভিডত আক্ৰান্ত হোৱাৰ পিছতে আজি বিচিচিআই- এ তাৎক্ষণিকভাৱে ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ (এনচিএ) মুৰব্বী ভিভিএছ লক্ষ্মণক দলটোৰ অন্তৱৰ্তীকালীন মুখ্য প্ৰশিক্ষক হিচাপে মনোনীত কৰিছিল। দ্ৰাবিড়ৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ পাছত এছিয়া কাপৰ বাবে দ্ৰাবিড় ভাৰতীয় দলত যোগদান কৰিব পাৰিব নে নোৱাৰে, সেয়া সন্দেহৰ মাজত সোমাই পৰিছিল। সেয়েহে দ্ৰাবিড়ৰ স্থানত লক্ষ্মণক দলৰ প্ৰশিক্ষক হিচাপে বাছনি কৰাৰ সিদ্ধান্ত লৈছিল বিচিচিআই- এ। 

    এক বিবৃতিত বিচিচিআইয়ে উল্লেখ কৰিছিল যে, "ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ মুৰব্বী ভিভিএছ লক্ষ্মণ ইউএইত অনুষ্ঠিত হ'বলগীয়া আগন্তুক এছিয়া কাপ, ২০২২ৰ বাবে ভাৰতীয় ছিনিয়ৰ দলৰ অন্তৱৰ্তীকালীন মুখ্য প্ৰশিক্ষক হিচাপে থাকিব। জিম্বাবোৱেত এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দলৰ সৈতে ভ্ৰমণ কৰা লক্ষ্মণে ৰাহুল দ্ৰাবিড়ৰ অনুপস্থিতিত ভাৰতীয় দলটোৰ প্ৰস্তুতিৰ তদাৰক কৰিব।"

    বিচিচিআইয়ে অৱশ্যে ক’ভিডৰ পৰা মুক্ত হ’লে দ্ৰাবিড়ে পিছলৈ এছিয়া কাপৰ বাবে ভাৰতীয় দলটোত যোগদান কৰাৰ সম্ভাৱনা আছে বুলিও উল্লেখ কৰিছিল। বিবৃতিটোত ভাৰতীয় ক্ৰিকেটৰ শীৰ্ষ সংস্থাটোৱে যোগ দিছিল যে পুনৰ ক’ভিড পৰীক্ষাত ৰাহুল দ্ৰাবিড় ক’ভিডমুক্ত প্ৰমাণ হ’লে বিচিচিআইৰ চিকিৎসা দলৰ অনুমতি সাপেক্ষে ভাৰতীয় দলত যোগদান কৰিব।

    দ্ৰাবিড়ৰ উপস্থিতি ভাৰতীয় দলৰ বাবে যথেষ্ট আশাব্যঞ্জক হিচাপে বিবেচিত হৈছে। বিশেষকৈ চুবুৰীয়া ৰাষ্ট্ৰ তথা এছিয়ান ক্ৰিকেটৰ অন্যতম শক্তি পাকিস্তানে ভাৰতৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। গতিকে দ্ৰাবিড়ৰ অংশগ্ৰহণে ভাৰতীয় দলটোৰ মনোবল বৃদ্ধি কৰাৰ লগতে দ্ৰাবিড়-লক্ষ্মণৰ যুটীয়া ৰণনীতিয়ে প্ৰদৰ্শনৰ ফালৰ পৰাও নিশ্চিতভাৱে দলৰ শক্তি বৃদ্ধি কৰিব।