• টি২০ বিশ্বকাপঃ ভাৰতৰ স’তে মুখামুখি হোৱাৰ প্ৰাকক্ষণত সতীৰ্থক সকিয়নী পাকিস্তানৰ বাবৰ আজমৰ

    ক্ৰীড়া
    টি২০ বিশ্বকাপঃ ভাৰতৰ স’তে মুখামুখি হোৱাৰ প্ৰাকক্ষণত সতীৰ্থক সকিয়নী পাকিস্তানৰ বাবৰ আজমৰ
    ডিজিটেল ডেস্কঃ ভাৰত-পাকিস্তানৰ এখন মেচক লৈ যি উন্মাদনা, প্ৰত্যাশা আৰু হেঁচা আন কোনো খেলৰ দৰে নহয়। ফলত ক্ৰিকেটাৰৰ হেঁচাত পৰাটো স্বাভাৱিক। সেয়েহে দলৰ ক্ৰিকেটাৰসকলক শান্ত হৈ থাকিবলৈ আহ্বান পাকিস্তানৰ অধিনায়কে৷

    টি-২০ বিশ্বকাপৰ ৭খন মেচৰ ভিতৰত ৬ খন খেলত জয়লাভ কৰিছে ভাৰতে। ২০২১ চনত পাকিস্তানে ১০ উইকেটত পৰাস্ত হৈছিল। সেই কথা মনত ৰাখি বাবৰে পিচিবিৰ প’ডকাষ্টত কয়, ‘আমি জানো যে বাকী মেচতকৈ ভাৰত-পাকিস্তানত অধিক অনুশীলন কৰা হয়। এই মেচখনৰ উন্মাদনা বেলেগ। কেৱল খেলুৱৈসকলৰ মাজতে নহয় অনুৰাগীৰ মাজতো বহু উত্তেজনাৰ সৃষ্টি হয়।’

    বাবৰে ক’লে, পৃথিৱীৰ য’তেই যাওক, এই মেচখনৰ কথা আলোচনা হ’ব৷  প্ৰতিজন অনুৰাগীয়ে এই মেচখনৰ বাবে অপেক্ষা কৰে।

    বাবৰৰ ভাষাত ক’বলৈ গ’লে, ‘এই মেচখনক কেন্দ্ৰ কৰি যি উন্মাদনা আৰু প্ৰত্যাশাক লৈ অলপ চিন্তিত হোৱাটো স্বাভাৱিক। যদি আপুনি শীতল মূৰ এটা ৰাখে, নিজকে শান্ত কৰি ৰাখে আৰু কঠোৰ পৰিশ্ৰম আৰু দক্ষতাত বিশ্বাস কৰে, তেতিয়া কামটো সহজ হ’ব।”

    বাবৰে স্পষ্ট কৰি দিছে যে তেওঁলোকৰ একমাত্ৰ লক্ষ্য হৈছে টি-২০ বিশ্বকাপ জয় কৰা। তেওঁ ক’লে, “যেতিয়া আপুনি ডাঙৰ প্ৰতিযোগিতাত খেলে, তেতিয়া এক বেলেগ উত্তেজনা থাকে।” বিশ্বকাপত খেলাটো যিকোনো ক্ৰিকেটাৰৰ সপোন। আমি ট্ৰফী জয় কৰাৰ আশা কৰিছো। আমি সকলো দলৰ বিৰুদ্ধে আমাৰ শ্ৰেষ্ঠ ক্ৰিকেট খেলিব লাগিব।’