• টি-২০ বিশ্বকাপলৈ ঘোষণা হ'ল ভাৰতীয় দল: ১৫ জনীয়া দলত অন্তৰ্ভুক্ত বুমৰাহ, হৰ্ষল; আঘাতৰ বাবে বাদ পৰিল জাদেজা

    ক্ৰীড়া
    টি-২০ বিশ্বকাপলৈ ঘোষণা হ'ল ভাৰতীয় দল: ১৫ জনীয়া দলত অন্তৰ্ভুক্ত বুমৰাহ, হৰ্ষল; আঘাতৰ বাবে বাদ পৰিল জাদেজা
    ডিজিটেল ডেস্ক: অহা ১৬ অক্টোবৰৰ পৰা অষ্ট্ৰেলিয়াত আৰম্ভ হ'ব টি-২০ ক্ৰিকেটৰ মহাৰণ। বিশ্বকাপৰ বাবে চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলাই আজি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ঘোষণা কৰে বিশ্বকাপত অংশ ল'বলগীয়া ১৫ জনীয়া ভাৰতীয় দল।  টি-২০ বিশ্বকাপৰ এই অষ্টম সংস্কৰণৰ বাবে বিচিচিআই- এ ঘোষণা কৰা দলটোত আঘাতৰ পৰা সুস্থ হৈ প্ৰত্যাৱৰ্তনৰ বাবে সাজু হোৱা ভাৰতীয় বলিং আক্ৰমণৰ মেৰুদণ্ডস্বৰূপ যশপ্ৰীত বুমৰাহৰ লগতে আন এগৰাকী আঘাতৰ পৰা মুক্ত হোৱা পেচাৰ হৰ্ষল পেটেলক অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে আঁঠুৰ গুৰুতৰ আঘাতৰ বাবে দলৰ পৰা বাদ দিবলগীয়া হৈছে তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাক। 

    প্ৰতিযোগিতাখনৰ ইতিহাসৰ প্ৰথম সংস্কৰণৰ খিতাপ বিজয়ী হিচাপে খ্যাতি অৰ্জা ভাৰতে এইবাৰ প্ৰথমবৰ্ষৰ প্ৰতিযোগিতাখনত অংশ লোৱা ৰোহিত শৰ্মাৰ নেতৃত্বত প্ৰতিদ্বন্দিতা আগবঢ়াব। উল্লেখ্য যে ৰোহিত শৰ্মাই প্ৰথমবাৰৰ বাবে আইচিচি- ৰ কোনো মূখ্য টুৰ্ণামেণ্টত ভাৰতক নেতৃত্ব দিব। ৰোহিত শৰ্মাৰ লগতে আজি ঘোষিত দলটোত প্ৰথমবৰ্ষৰ প্ৰতিযোগিতাত খেলা আন এগৰাকী খেলুৱৈ দীনেশ কাৰ্তিককো স্থান দিয়া হৈছে। 

    টুৰ্ণামেণ্টখনত বিচিচিআই- এ ভাৰতীয় দলটোৰ সহ-অধিনায়ক হিচাপে দায়িত্ব দিছে কে এল ৰাহুলক। পূৰ্বে টি-২০ ক্ৰিকেটত অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াক এই পদত অধিষ্ঠিত কৰা হ’ব পাৰে বুলি চৰ্চা চলিছিল যদিও ৰাহুলৰ ওপৰত আস্থা ৰাখি বিচিচিআই- এ তেওঁকে এই দায়িত্বত বাহাল ৰাখে।

    সদ্য সমাপ্ত এছিয়া কাপত ভাগ লোৱা দলটোৰ মাত্ৰ দুটা সাল-সলনি ঘটায়েই বিশ্বকাপৰ বাবে ১৫ জনীয়া দলটো ঘোষণা কৰে বিচিচিআই- এ। এছিয়া কাপত দলত থকা লেগ স্পিনাৰ ৰবি বিষ্ণৈ আৰু পেচাৰ আভেশ খানক বিশ্বকাপমুখী দলৰ পৰা বাদ দিয়া হৈছে। তেওঁলোকৰ স্থানত দলত অন্তৰ্ভুক্ত কৰা হৈছে পেচাৰদ্বয় যশপ্ৰীত বুমৰাহ আৰু হৰ্ষল পেটেলক। আনহাতে এছিয়া কাপৰ মাজতে ভৰিত আঘাত পোৱা তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাৰ স্থানত দলত অন্তৰ্ভুক্ত হৈছে আন এগৰাকী বাওঁহতীয়া স্পীন বলিং অলৰাউণ্ডাৰ অক্সৰ পেটেলক।

    ঘোষিত দলটোত পূৰ্বৰ দৰেই দলৰ মিডল অৰ্ডাৰৰ কামান চম্ভালিব তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীয়ে। প্ৰায় তিনিবছৰ ধৰি ৰানৰ খৰাঙত ভুগি থকা কোহলীয়ে সদ্য সমাপ্ত এছিয়া কাপত নিজৰ স্বভাৱসিদ্ধ ফৰ্ম ঘূৰাই পাইছে। দুৰ্দান্ত বেটিঙেৰে প্ৰতিযোগিতাখনত দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটাৰ হিচাপে পৰিগণিত হৈছিল তাৰকাগৰাকী। অন্তিখন মেচত কোহলীয়ে আফগানিস্তানৰ বিপক্ষে বিস্ফোৰক শতকীয় ইনিংছেৰে ইতিমধ্যে টি-২০ বিশ্বকাপৰ বাবে সাজু বুলি প্ৰতীকি ঘোষণা কৰিছেই। কোহলীৰ এই ফৰ্ম ভাৰতীয় দলৰ মূল শক্তি হিচাপে স্বাভাৱিকতেই বিবেচিত হ’ব।

    কোহলীৰ লগতে মিডল অৰ্ডাৰৰ গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰিব ক্ৰিকেট জগতৰ নৱ ৩৬০৹ খ্যাত সূৰ্যকুমাৰ যাদৱ। ভাৰতীয় দলত স্থান লাভ কৰাৰ পিছৰে পৰা ধাৰাবাহিকভাৱে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই অহা যাদৱ ইতিমধ্যে দলৰ এক নিৰ্ভৰযোগ্য বেটিং স্তম্ভত পৰিণত হৈছে। কোহলী আৰু যাদৱৰ লগতে দলত আছে আন এগৰাকী উদীয়মান বেটাৰ দীপক হুডা। সেইদৰে তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই দলৰ বেটিং আৰু বলিং বিভাগত সহযোগিতা আগবঢ়াব।

    ঘোষিত দলটোত দুগৰাকী উইকেটৰক্ষক দলত ৰখা হৈছে। শেহতীয়াকৈ আক্ৰমণাত্মক বেটিঙেৰে ফিনিচাৰৰ দায়িত্ব সূচাৰুৰূপে পালন কৰি অহা অভিজ্ঞ দীনেশ কাৰ্তিকে বিশ্বকাপত ফিনিচাৰৰ দায়িত্ব পালন কৰিব। আনহাতে টি-২০ ত ব্যৰ্থতাৰ সন্মুখীন হৈ আহিলেও ঋষভ পণ্টকৰ ওপৰত আস্থা ৰাখি দলত স্থান দিয়ে ব’ৰ্ডে। 

    ইফালে দলৰ বলিং আক্ৰমণৰ মূল শক্তি যশপ্ৰীত বুমৰাহৰ অন্তৰ্ভুক্তিয়ে বিশ্বকাপত ভাৰতীয় দলৰ বলিঙত শক্তি বৃদ্ধি কৰিব। বুমৰাহক সহযোগিতা আগবঢ়াব অভিজ্ঞ পেচাৰ ভুৱনেশ্বৰ কুমাৰে। লগতে থাকিব ডেথ অভাৰ স্পিচিয়েলিষ্ট হৰ্ষল পেটেল আৰু উদীয়মান পেচাৰ অৰ্শদ্বীপ সিং। আনহাতে স্পীন বিভাগত থাকিব অভিজ্ঞ ৰবিচন্দ্ৰন অশ্বিন, যুজবেন্দ্ৰ চাহাল আৰু অক্সৰ পেটেল। 

    এই ১৫ জনীয়া দলটোৰ লগতে নিৰ্বাচক সমিতিয়ে চাৰিগৰাকী ক্ৰিকেটাৰৰ নাম ষ্টেণ্ডবাই হিচাপে ঘোষণা কৰিছে। এই চাৰি তাৰকা হৈছে ক্ৰমে অভিজ্ঞ পেচাৰ মহম্মদ ছামী, অলৰাউণ্ডাৰ দীপক চাহাৰ, স্পিনাৰ ৰবি বিষ্ণৈ আৰু টপ অৰ্ডাৰ বেটাৰ শ্ৰেয়স আয়াৰ। অৱশ্যে ছামীক মূল দলত স্থান নিদিয়াৰ বাবে বিৰূপ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে অনুৰাগীৰ মাজত। লগতে সঞ্জু চেমছনক দলত নৰখাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে কিছু ক্ৰিকেট অনুৰাগীয়ে।

    টি-২০ বিশ্বকাপৰ বাবে ঘোষিত ভাৰতীয় দলঃ ৰোহিত শৰ্মা (অধিনায়ক), কে এল ৰাহুল (সহ-অধিনায়ক), বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, দীপক হুডা, ঋষভ পণ্ট (উইকেট-ৰক্ষক), দিনেশ কাৰ্তিক (উইকেট-ৰক্ষক), হাৰ্দিক পাণ্ডিয়া, ৰবিচন্দ্ৰন অশ্বিন, যুজবেন্দ্ৰ চাহল, অক্সৰ পেটেল, যশপ্ৰীত বুমৰাহ, ভুৱনেশ্বৰ কুমাৰ, হৰ্ষল পেটেল, অৰ্শদ্বীপ সিং।

    ষ্টেণ্ডবাই খেলুৱৈ -মহম্মদ ছামী, শ্ৰেয়স আয়াৰ, ৰবি বিষ্ণৈ দীপক চাহাৰ।

    ইফালে অহা ২০ ছেপ্টেম্বৰৰ পৰা হ’বলগীয়া অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখনীয়া টি-২০ শৃংখলা আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২৮ ছেপ্টেম্বৰৰ পৰা হ’বলগীয়া আগন্তুক টি-২০ শৃংখলাৰ বাবেও দল ঘোষণা কৰিছে বিচিচিআই- এ। শৃংখলা দুটাৰ বাবে দলত অৰ্শদ্বীপ সিঙক বাদ দি মহম্মদ ছামী আৰু দীপক চাহাৰক অন্তৰ্ভুক্ত কৰা হৈছে। তাৰ বাদে ১৬ জনীয়া  দলটোত বিশ্বকাপমুখী আটাইকেইগৰাকী খেলুৱৈকে স্থান দিয়া হৈছে।