• অসহায় আত্মসমৰ্পণ ইংলেণ্ডৰ, ৪৮বছৰ পাছত ভাৰতীয় ক্ৰিকেটত নজিৰবিহীন ঘটনা

    ক্ৰীড়া
    অসহায় আত্মসমৰ্পণ ইংলেণ্ডৰ, ৪৮বছৰ পাছত ভাৰতীয় ক্ৰিকেটত নজিৰবিহীন ঘটনা
    ডিজিটেল ডেস্কঃ অ’ভেলত যশপ্ৰীত বুমৰাৰ ছুইঙৰ সন্মুখত তিস্তি থাকিব  নোৱাৰিলে বিশ্ব চেম্পিয়ন ইংলেণ্ডে। বুমৰাহৰ উপৰি মহম্মদ ছামীয়েও অস্বস্তিত পেলাইছিল ইংলেণ্ড দলটোক। সেই সুযোগৰ সত ব্যৱহাৰ কৰিয়েই ভাৰতে প্ৰথমখন এদিনীয়াত ১০ উইকেটত জয়লাভ কৰে।

    টি-২০ শৃংখলাত ভুৱনেশ্বৰ কুমাৰৰ ছুইঙে বাটলাৰ বাহিনীক দোমোজাত পেলাইছিল। প্ৰথমখন এদিনীয়াত বুমৰাহ-ছামীৰ যুটিৰ সমুখত মোলান পৰি ৰয় ইংলেণ্ড।  আদৰ্শ পৰিৱেশ পালে তেওঁলোক কিমান ভয়ংকৰ হৈ উঠিব পাৰে তাকে যেন মঙলবাৰে পুনৰবাৰ দোহৰাই দিলে অ’ভেল ষ্টেডিয়ামত। অ’ভেলৰ ২২ গজৰ ক্ৰীজত ইংলেণ্ডৰ বেটছমেনসকলক সহজ আত্মসমৰ্পণ এতিয়া চৰ্চাৰ বিষয়।

    মন কৰিবলগীয়া যে, টছত জয়লাভ কৰি ৰোহিত শৰ্মাই প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছিল। ডাৱৰীয়া বতৰৰ সুযোগ পাই ভাৰতীয় বলাৰসকলেও উভতি আহিছিল চিনাকি ছন্দত। মাত্ৰ ২৫.২ অ’ভাৰত সামৰণি পৰে ইংলেণ্ডৰ ইনিংছ। তেওঁলোকৰ চাৰিজন বেটছমেনে বেটত ৰান নোপোৱাকৈয়ে ড্ৰেছিং ৰুমলৈ উভতি আহে। বুমৰাহ-ছামীৰ যুটিৰ সন্মুখত অসাৰ হৈ পৰে জেছন ৰয়, জো ৰুট, বেন ষ্ট’কছ আৰু লিয়াম লিভিংষ্টনৰ দৰে বিস্ফোৰক বেটছেমেনসকল।

    বিপৰীতে ১০উইকেটৰ বিনিময়ত ভাৰতে প্ৰথম এদিনীয়াত জয়লাভ কৰিছে। ৪৮ বছৰৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে টীম ইণ্ডিয়াই ইংলেণ্ডক ১০টা উইকেটত পৰাস্ত কৰি বিৰল নিদৰ্শন দাঙি ধৰিছে। মন কৰিবলগীয়া যে, ১৯৭৪ চনত ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতে প্ৰথমবাৰৰ বাবে এদিনীয়া খেলিছিল। ইফালে, ১১০ ৰানৰ লক্ষ্যৰ চোঁচা লোৱা ভাৰতে ৰোহিত শৰ্মাৰ নেতৃত্বত এনে বৃহত্‍ জয় লাভ কৰিবলৈ সক্ষম হৈছে।