ডিজিটেল ডেস্কঃ প্ৰাক্তন ক্ৰিকেট তাৰকা বিনোদ কাম্বলিয়ে যথেষ্ট দিন ধৰি স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি আছে আৰু শেহতীয়াকৈ তেওঁৰ এটা ভিডিঅ’ই ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক স্তম্ভিত কৰি তুলিছে। ভিডিঅ’টোত কাম্বলীক সঠিকভাৱে খোজ কঢ়াৰ বাবে সংগ্ৰাম কৰা দেখা গৈছে৷ মানুহে তেওঁক নিৰাপদে পথৰ পৰা আঁতৰাই নিবলগীয়া হৈছে। কম্বলীক অলপ দিশহাৰা যেন লাগিছিল আৰু তেওঁৰ ভাৰসাম্য বিচাৰিবলৈ যথেষ্ট অসুবিধা হৈছিল।
একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ভিডিঅ’টোত তেওঁক মদ্যপান কৰা বুলি অনুমান কৰাৰ বিপৰীতে আন বহুতে কয় যে তেওঁ কিছুদিন ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ আছে আৰু তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ ফলত তেওঁ সঠিকভাৱে লৰচৰ কৰিব নোৱাৰে।
প্ৰাগ ডিজিটেলে অৱশ্যে স্বতন্ত্ৰভাৱে ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰা নাই৷
উল্লেখ্য যে ভাৰতৰ হৈ ১০০ খনতকৈও অধিক এদিনীয়া আৰু ১৭ খন টেষ্ট মেচ খেলিছে কাম্বলিয়ে। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত প্ৰায় ১০ হাজাৰ ৰান সংগ্ৰহ কৰি ব্যক্তিগতভাৱে ২৬২ ৰান সংগ্ৰহ কৰে প্ৰতিভাৱান বাওঁহাতৰ খেলুৱৈগৰাকীয়ে।
Leave A Comment