• ''জীৱনত এনেকুৱা দল দেখা নাই!’’- বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ পাছত পাকিস্তানৰ ওপৰত ক্ষোভ উজাৰিলে প্ৰশিক্ষক গেৰী কাৰ্ষ্টেনেও

    ক্ৰীড়া
    ''জীৱনত এনেকুৱা দল দেখা নাই!’’- বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ পাছত পাকিস্তানৰ ওপৰত ক্ষোভ উজাৰিলে প্ৰশিক্ষক গেৰী কাৰ্ষ্টেনেও
    ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপ আৰম্ভ হোৱাৰ কেইসপ্তাহমান আগতে দলটোৰ প্ৰশিক্ষক হিচাপে অনা হৈছিল গেৰী কাৰ্ষ্টেন। সেই ধৰণে দলৰ লগত তেওঁৰ বুজাবুজি নাছিল। ইফালে চলিত টি-২০ বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ পৰা আঁতৰি গৈছে পাকিস্তানে। দলটো যোৱাৰ লগে লগে মুখ্য প্ৰশিক্ষক গেৰী কাৰ্ষ্টেনে মুখ মেলিলে।

    কাৰ্ষ্টেনৰ মতে, দল হিচাপে খেলা নাছিল বাবে পাকিস্তানে পৰাস্ত হৈছিল। ক্ৰিকেটাৰৰ মাজত নাই একতা।’’ সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে পাকিস্তানৰ দলত কোনো ঐক্য নাই। গ্ৰুপ বুলি ক’ব পাৰি। কিন্তু ই কোনো দল নহয়। কোনো ক্ৰিকেটাৰে কাকো সহায় নকৰে। সকলো বেলেগ বেলেগ। নিজৰ বাটত যায়।”

    ইয়াৰ পূৰ্বে কাৰ্ষ্টেনে ভাৰতক প্ৰশিক্ষক হিচাপে ২০১১ চনৰ এদিনীয়া বিশ্বকাপত জয়লাভ কৰিছিল। আই পি এলতো কেইবাটাও দলৰ প্ৰশিক্ষকতাৰ অভিজ্ঞতা আছে। কাৰ্ষ্টেনে কেতিয়াও এনেকুৱা গোট ক’তো দেখা নাছিল। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ ভাষাত, ‘মই বহু দলত কাম কৰিছো। কিন্তু তেনে অভিজ্ঞতা ক’তো নাছিল। জীৱনত এনেকুৱা দল দেখা নাই।"

    পাকিস্তানী ক্ৰিকেটাৰসকলৰ ফিটনেছ দেখি তেওঁ আচৰিত হৈছিল বুলি কয় কাৰ্ষ্টেনে। তেওঁ অনুভৱ কৰে যে ক্ৰিকেট খেলৰ দক্ষতাৰ ক্ষেত্ৰত বাবাৰসকল আন দলৰ পৰা পিছ পৰি আছে। এই সকলোবোৰ কাৰণতে প্ৰশিক্ষকে ভাবে যে তেওঁলোকে বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ পৰা আঁতৰি আহিব লাগিব।