• বিৰাটৰ বায়’পিক! কাক পচন্দ কৰে দীনেশ কাৰ্তিকে? জনালে

    ক্ৰীড়া
    বিৰাটৰ বায়’পিক! কাক পচন্দ কৰে দীনেশ কাৰ্তিকে? জনালে
    ডিজিটেল ডেস্কঃ বিৰাট কোহলী দেশৰ অন্যতম সফল ক্ৰিকেটাৰ। ধোনিৰ পিছত তেওঁৰ বায়’পিকৰ চৰ্চা চলিব ধৰিছে। এইবাৰ ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ দীনেশ কাৰ্তিকে বিৰাটৰ চৰিত্ৰত কোনে অভিনয় কৰিব তাৰ পৰামৰ্শ আগবঢ়ায়।

    শেহতীয়াকৈ কাৰ্তিকে ছুপাৰ ৮ত ভাৰতৰ বেটিং কৌশল সন্দৰ্ভত টি-২০ বিশ্বকাপৰ আলোচনাৰ ৰাউণ্ডত নিজৰ মতামত দিছিল। দেশৰ কেইবাগৰাকীও ক্ৰিকেটাৰৰ বায়’পিকৰ কথা কয়। বিৰাটৰ বায়’পিকৰ বাবে তেওঁ ৰণবীৰ কাপুৰক বাছি লৈছিল। কাৰ্তিকৰ ভাষাত "ৰনবীৰে খুব ভাল অভিনয় কৰিব৷’’ একে সময়তে শিখৰ ধাৱনৰ বায়'পিকৰ বাবে তেওঁ অক্ষয় কুমাৰক বেছি পছন্দ কৰে।

    বৰ্তমান ‘ৰামায়ণ’ৰ শ্বুটিঙত ব্যস্ত ৰণবীৰ। ইয়াৰ পিছত সঞ্জয় লীলা ভাঞ্চালীৰ পৰিচালিত ‘লাভ এণ্ড ৱাৰ’ ছবিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব। ৰণবীৰৰ উপৰিও এই ছবিখনত অভিনয় কৰিছে বিকি কৌশল, আলিয়া ভট্ট।