• কোপা আমেৰিকাত যাদু দেখুৱাবলৈ সাজু লিঅ’নেল মেছি! চলাইছে পূৰ্ণ অনুশীল

    ক্ৰীড়া
    কোপা আমেৰিকাত যাদু দেখুৱাবলৈ সাজু লিঅ’নেল মেছি! চলাইছে পূৰ্ণ অনুশীল
    ডিজিটেল ডেস্কঃ কোপা আমেৰিকাত যাদু দেখুৱাবলৈ সাজু হৈছে লিয়নেল মেছি। প্ৰশিক্ষক লিয়নেল স্কাল’নীয়ে জনালে এইদৰে। আৰ্জেণ্টিনাৰ প্ৰথমখন খেল কানাডাৰ বিৰুদ্ধে। এই মুহূৰ্তত মেছিয়ে আমেৰিকাৰ আয়োজক দেশ আটলান্টাত প্ৰস্তুতি চলাইছে। অনুশীলনত গোটেই দলটোক উল্লাসৰ আমেজত দেখা গ’ল।

    স্কাল’নীয়ে কয় যে মেছি সম্পূৰ্ণ ফিট। আমেৰিকাত যাদু দেখুৱাবলৈ সাজু। তেওঁক দেখি গোটেই দলটোৱে উৎসাহিত হৈ উঠিছে। সকলোৱে নিজৰ শ্ৰেষ্ঠ ফুটবল খেলিবলৈ সাজু। যোৱা বছৰৰ চেম্পিয়ন হিচাপে আমাৰ দায়িত্ব অধিক। সকলোৱে আৰু এবাৰ ট্ৰফী জিকিবলৈ সাজু।

    কোপা আমেৰিকাত আৰ্জেণ্টিনাৰ গ্ৰুপত কানাডা অবিহনে গ্ৰুপ ‘এ’ত আছে চিলি আৰু পেৰু। গ্ৰুপ বিত ইকুৱেডৰ, জামাইকা, মেক্সিকো আৰু ভেনিজুৱেলা। গ্ৰুপ চিত আছে বলিভিয়া, আমেৰিকা, পানামা আৰু উৰুগুৱে।

    ব্ৰাজিলৰ প্ৰথমখন খেল ২৫ জুনত (আই এছ টিৰ আৰম্ভণি) কোষ্টা ৰিকা বিৰুদ্ধে। ব্ৰাজিলৰ উপৰিও কোষ্টা ৰিকা, কলম্বিয়া আৰু পেৰাগুৱে গ্ৰুপ ডিত আছে। প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দুটা দলে অন্তিম আঠলৈ আগবাঢ়ি যায়।