• বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত উজলিছে এগৰাকী ভাৰতীয়, কোন তেওঁ?

    ক্ৰীড়া
    বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত উজলিছে এগৰাকী ভাৰতীয়, কোন তেওঁ?
    ডিজিটেল ডেস্কঃ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ মঞ্চত অভিলেখ গঢ়িবলৈ সক্ষম হোৱা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয় মুৰালী শ্ৰীশংকৰ। লং জাম্পাৰ মুৰালী শ্ৰীশংকৰে ফাইনেলৰ বাবে টিকট লাভ কৰিছে। ইফালে, আন এক শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে অবিনাশ ছেবলে।

    ২৩ বছৰীয়া লং জাম্পাৰ মুৰালীয়ে চলিত বৰ্ষত ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰি আহিছে। ছিজনৰ তালিকাৰ দ্বিতীয় স্থানত থকা মুৰালী এতিয়া ভাৰতৰ বাবে অন্যতম আশাৰ কিৰণ। প্ৰত্যাশা অনুসৰিয়েই প্ৰদৰ্শন অব্যাহত ৰাখিছে তেওঁ। বিশ্ব চেম্পিয়নশ্বিপতো ভাল প্ৰদৰ্শন অব্যাহত মুৰালীৰ। দ্বিতীয়টো দৌৰত মুৰালীয়ে পোনে পোনে ৮ মিটাৰ দূৰলৈ জপিয়াই ফাইনেলত প্ৰৱেশ কৰে। ভাৰতীয় লং জাম্পাৰসকলে গ্ৰুপ ‘বি’ত দ্বিতীয় আৰু যোগ্যতা অৰ্জনকাৰী ৰাউণ্ডত সামগ্ৰিকভাৱে সপ্তম স্থান দখল কৰে।

    স্বাভাৱিকতে, মুৰালী আৰু অবিনাশৰ পৰাই বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ প্ৰথমটো পদক জয়ৰ স্বপ্ন দেখিছে ভাৰতে। ভাৰতীয় সময় অনুসৰি, মঙলবাৰে ফাইনেলত অৱতীৰ্ণ হ’ব অবিনাশে। স্মৰ্তব্য যে, ২৭বছৰীয়া অবিনাশে ৩বছৰ পূৰ্বে একেটা বিভাগৰে ফাইনেলত যোগ্যতা অৰ্জন কৰিছিল।