• টি২০ বিশ্বকাপঃ ৪৫খন দেশৰ বিৰুদ্ধে টি২০ মেচত জয়লাভ কৰি অভিলেখ গঢ়িলে আফগান তাৰকাই

    ক্ৰীড়া
    টি২০ বিশ্বকাপঃ ৪৫খন দেশৰ বিৰুদ্ধে টি২০ মেচত জয়লাভ কৰি অভিলেখ গঢ়িলে আফগান তাৰকাই
    ডিজিটেল ডেস্কঃ দেওবাৰে টি-২০ বিশ্বকাপত জয়লাভ কৰে আফগানিস্তানে। অষ্ট্ৰেলিয়াৰ দৰে শক্তিশালী দেশ হৰুৱাইছে। দলটোৰ ক্ৰিকেটাৰ মহম্মদ নবীয়ে সেই মেচত এক নজিৰ গঢ়ি তুলিছিল। তেওঁ টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ৪৫খন দেশৰ বিৰুদ্ধে জয়লাভ কৰাৰ নজিৰ গঢ়ি তুলিছে। এই অভিলেখ আন কাৰো নাই।

    আফগানিস্তানে টি-২০ বিশ্বকাপত বহু দেশৰ বিৰুদ্ধে মেচ খেলিছে। কেৱল টেষ্ট খেলেই নহয়, সদস্য দেশৰ বিৰুদ্ধেও জয়লাভ কৰিছে। ডেনমাৰ্ক, বাহৰেইন, মালয়েছিয়া, চৌদি আৰব, কুৱেইট, কাটাৰ, ইৰাণ, থাইলেণ্ড, জাপান, বাহামা, বটছৱানা, জাৰ্চি, তাঞ্জানিয়া, ফিজি, ইটালী, আৰ্জেণ্টিনা, পাপুয়া নিউ গিনি, কেমেন দ্বীপপুঞ্জ, ছিংগাপুৰ, ট্ৰিনিদাদ আৰু ট’বাগো, ভূটান, মালদ্বীপ, বাৰ্বাডোছৰ দৰে দেশৰ বিৰুদ্ধে টি-২০ত জয়ী হৈছে।