• টি২০ বিশ্বকাপঃ ব্যৰ্থ পাকিস্তান! ক্ষুব্ধ পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ

    ক্ৰীড়া
    টি২০ বিশ্বকাপঃ ব্যৰ্থ পাকিস্তান! ক্ষুব্ধ পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ
    ডিজিটেল ডেস্কঃ পাকিস্তান ক্ৰিকেট দলটোক ডাঙৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন। টি-২০ বিশ্বকাপত ভাৰত-পাকিস্তানৰ খেলৰ পিছতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ মহছিন নাকৱীৰ স্থিতি কঠিন হৈ পৰিছে । প্ৰথমখন মেচত আমেৰিকা আৰু দ্বিতীয়খন মেচত ভাৰতৰ হাতত বাবৰ পৰাজয়ৰ পিছত পিচিবিৰ মুৰব্বীগৰাকী ক্ষুব্ধ হৈ পৰে।

    নিউয়ৰ্কত তেওঁ কয়, “মই ভাবিছিলো যে সৰু সৰু অস্ত্ৰোপচাৰে কাম কৰিব। এতিয়া দেখিছোঁ যে এটা ডাঙৰ অস্ত্ৰোপচাৰ কৰিব লাগিব।’’

    নাকভিয়ে ক’লে, “আমি আমেৰিকাৰ হাতত পৰাস্ত হৈছিলো। ইয়াতকৈ বেছি হতাশাজনক কি হ’ব পাৰে। ভাৰতৰ হাতত পৰাজয় গ্ৰহণযোগ্য নহয়। এতিয়া দলৰ বাহিৰত থকা ক্ৰিকেটাৰসকলক লক্ষ্য কৰাৰ সময় আহি পৰিছে।’’

    বাবৰৰ প্ৰদৰ্শন সন্দৰ্ভত নকভিয়ে কয় যে, “সকলোৱে জানিব বিচাৰে যে দলটোৱে কিয় আশা কৰা ধৰণে খেলিব পৰা নাই। এতিয়া চলি আছে বিশ্বকাপ। এতিয়া একো কৰা নহ’ব। কিন্তু আমি নিশ্চয় আলোচনা কৰিম। সকলো চোৱাচিতা কৰা হ'ব।''