ডিজিটেল ডেস্কঃ অহা ৬,৭ আৰু ৮ জুনত তৈল নগৰী দুলীয়াজানত চৰ্তুথ সংখ্যক ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতা অনুষ্ঠিত হব। BCAI অধীনত অসম পাঞ্জা সন্থা আৰু দুলীয়াজান শাখা পাঞ্জা সন্থাৰ উদ্যোগত অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত দুলীয়াজান ক্লাবত তিনিদিনীয়াকৈ অনুষ্ঠিত হবলগীয়া চৰ্তুথ সংখ্যক ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত অসমৰ লগতে দেশৰ ১৭ খন ৰাজ্যৰ প্ৰায় চাৰি শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিব।
ইতিমধ্যে প্ৰস্ততি পূৰ্ণগতিত অব্যাহত থকা ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত ১৫ বছৰ অনুৰ্ধ্বৰ পৰা গ্ৰেণ্ড মাষ্টাৰ লৈকে প্ৰতিযোগিতা অনুষ্ঠিত হব ।পোন প্ৰথমবাৰৰ বাবে উজনি অসমৰ তৈল নগৰী দুলীয়াজানত আয়োজন কৰা ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অহা খেলুৱৈ সকলৰ থকা খোৱাৰ বাবে ডিব্ৰুগড়,তিনিচুকীয়া আৰু দুলীয়াজানত বহু কেইখন হোটেল আৰু ৰিৰ্জটত সু ব্যৱস্থা কৰা হৈছে বুলি আয়োজক সমিতিয়ে দুলীয়াজানত এক সংবাদ মেলৰ জড়িয়তে জানিবলৈ দিছে।এই প্ৰতিযোগিতাত আগন্তুক গ্ৰীচত হবলগা বিশ্ব পাঞ্জা প্ৰতিযোগিতা ভাৰতৰ দলটিক নিৰ্বাচিত কৰিব ।
Leave A Comment