• পেৰিছ অলিম্পিকত মনু ভাকেৰৰ সুন্দৰ যাত্ৰা!শেষৰখন খেলত পৰাস্ত যদিও ২টা পদকেৰে ৰচিলে ইতিহাস

    ক্ৰীড়া
    পেৰিছ অলিম্পিকত মনু ভাকেৰৰ সুন্দৰ যাত্ৰা!শেষৰখন খেলত পৰাস্ত যদিও ২টা পদকেৰে ৰচিলে ইতিহাস
    ডিজিটেল ডেস্কঃ আজি পেৰিছ অলিম্পিকৰ অষ্টম দিন। ভাৰতীয় শ্বুটাৰ মনু ভাকেৰে ২০২৪ চনৰ পেৰিছ অলিম্পিকত ২৫ মিটাৰ পিষ্টল প্ৰতিযোগিতাত পদক লাভ কৰিব নোৱাৰিলেও প্ৰত্যেকজন ভাৰতীয়ৰ মন জয় কৰিবলৈ সক্ষম হৈছে৷ মনুৱে ২৫ মিটাৰ পিষ্টল ইভেণ্টত চতুৰ্থ স্থান দখল কৰে, এক গৌৰৱৰ বিষয় যে একেখন অলিম্পিকতে দুটা পদক লাভ কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈত পৰিণত মনু ভাকেৰ৷

    ইয়াৰ পূৰ্বে মনুয়ে ১০ মিটাৰ এয়াৰ পিষ্টল প্ৰতিযোগিতা আৰু ১০ মিটাৰ এয়াৰ পিষ্টল মিশ্ৰিত দলীয় প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। মনুৱে উছেইন ব’ল্ট আৰু মাইকেল ফেলপ্ছৰ দৰে মহান খেলুৱৈৰ লগত অন্তৰ্ভুক্ত হোৱাৰ পৰা বঞ্চিত হ’ল। ৮ খন ছিৰিজৰ অন্তত মনু আৰু হাংগেৰীৰ ভেৰ’নিকা মেজৰৰ ২৮-২৮ পইণ্ট হয়। এনে পৰিস্থিতিত এলিমিনেচনৰ বাবে শ্বুট অফ হ’ল, য’ত মনুৱে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। এলিমিনেচন ৰাউণ্ডৰ পিছত চতুৰ্থ স্থানত থাকে মনু৷


    যশপাল ৰানাৰ সহায়ত মনু ভাকেৰে ৰচিলে ইতিহাস

    মনু ভাকেৰৰ ঐতিহাসিক প্ৰদৰ্শনৰ বাবে তেওঁৰ প্ৰশিক্ষক যশপাল ৰানাও সমানেই অংশীদাৰী৷ টকিঅ’ অলিম্পিকত যেতিয়া মনুৰ ভাগ্যত বিজয় লিখা নাছিল, তেতিয়া ভাৰতীয় শ্বুটাৰগৰাকী মানসিকভাৱে ভাঙি পৰিছিল। কেৱল এয়াই নহয়, মনুৱে খেল এৰি যোৱাৰ কথাও ভাবিবলৈ ধৰিছিল। কিন্তু সেই সময়ছোৱাত মনুৱে ভাগৱত পঢ়িবলৈ আৰম্ভ কৰিলে, যিয়ে মনুক পুনৰ উৎসাহিত কৰিলে। তাৰপাছত মনুয়ে নিজৰ পুৰণি প্ৰশিক্ষক যশপালক ফোন কৰি প্ৰশিক্ষণ দিয়াৰ কথা ক’লে, মনুৰ ফোন পোৱাৰ পিছত যশপালে তেওঁক প্ৰশিক্ষণ দিবলৈ মান্তি হ’ল।