• অলিম্পিকত আজি কোৱালিফিকেচন মেচত অৱতীৰ্ণ হ’ব গল্ডেন বয় নীৰজ চোপ্ৰা

    ক্ৰীড়া
    অলিম্পিকত আজি কোৱালিফিকেচন মেচত অৱতীৰ্ণ হ’ব গল্ডেন বয় নীৰজ চোপ্ৰা
    ডিজিটেল ডেস্কঃ এতিয়া অলিম্পিক গেমছৰ বতৰ। ফ্ৰান্সৰ ৰাজধানী পেৰিছত চলি আছে অলিম্পিক গেমছ। ভাৰতে এই পৰ্যন্ত পেৰিছ অলিম্পিকত ৩টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। সোণৰ পদকৰ বাবে ভাৰতৰ আটাইতকৈ ডাঙৰ ভৰসা হৈ পৰিছে গল্ডেন বয় নীৰজ চোপ্ৰা। প্ৰতিজন ভাৰতীয়ই তেওঁৰ পৰা বহুত আশা কৰি আছে। 

    ভাৰতৰ তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাক আজি (৬ আগষ্ট) পেৰিছ অলিম্পিক ২০২৪ত একচনত দেখা যাব। টকিঅ'ৰ দৰেই এইবাৰো সোণৰ পদক লাভৰ বাবে সমগ্ৰ দেশে আশা কৰি আছে।

    অৱশ্যে আজি তেওঁৰ এয়া অৰ্হতা ৰাউণ্ডহে। আজি বিয়লি ৩.২০ বজাত গ্ৰুপ বিত কোৱালিফিকেচন মেচত অৱতীৰ্ণ হ’ব নীৰজ। 

    আনহাতে গ্ৰুপ এত কোৱালিফিকেচন মেচত দুপৰীয়া ১.৫০ বজাত অৱতীৰ্ণ হ’ব ভাৰতৰ কিশোৰ জেনা।

    ইয়াৰ বাহিৰেও নীৰজ আৰু কিশোৰে যোগ্যতা অৰ্জন কৰিবলৈ কিমান দূৰলৈ জেভলিন নিক্ষেপ কৰিব লাগিব?

    দুয়োগৰাকী ভাৰতীয় খেলুৱৈয়ে পুৰুষৰ জেভলিন নিক্ষেপত অৰ্হতা লাভ কৰি নিজৰ অভিযান আৰম্ভ কৰিব আৰু ফাইনেলত প্ৰৱেশৰ বাবে চেষ্টা কৰিব। 

    ৮৪ মিটাৰ যোগ্যতা চিহ্ন (Q) অতিক্ৰম কৰা খেলুৱৈগৰাকীয়ে পোনপটীয়াকৈ ফাইনেলত প্ৰৱেশ কৰিব বা ফাইনেলত প্ৰৱেশ কৰিবলৈ হ’লে শীৰ্ষ ১২ ৰ ভিতৰত থকাটো প্ৰয়োজনীয়।